

ডিজিটেল ডেস্কঃ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাত অনুষ্ঠিত সমাৰোহত দেশৰ সমগ্ৰ বিৰোধী দলৰ প্ৰতিনিধি তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক একেবাৰে শেষৰ শাৰীত বহিবলৈ দিয়া কাৰ্যক লৈ সূত্ৰপাত ঘটিছে ৰাজনৈতিক বিতৰ্কৰ।
উল্লেখ্য যে, আজি লালকিল্লাত একেৰাহে একাদশবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী। আনহাতে ২০২৪ৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় হকী দলটোও আমন্ত্ৰিত হয় লালকিল্লাৰ এই স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ।
এই অনুষ্ঠানতে বিৰোধী দলৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা ৰাহুল গান্ধীক শেষৰ শাৰীত বহিবলৈ দিয়াক লৈ তীব্ৰ আপত্তি ব্যক্ত কৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে।
কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বিবেক তংকাই কয়, “কিয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইমান বেয়া আচৰণ কৰিছে? লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক চতুৰ্থ শাৰীত বহিবলৈ দিয়া হৈছে। তেওঁ বিৰোধী দলৰ নেতা। লোকসভাত প্ৰধানমন্ত্ৰীৰ পিছতে তেওঁৰ স্থান। কেনেকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা ৰাষ্ট্ৰীয় অনুষ্ঠানক ৰাজনীতিকৰণ কৰিব পাৰে?’’
ৰাহুল গান্ধীৰ আসনক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে ইয়াক লৈ স্পষ্টীকৰণ প্ৰদান কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, সন্মুখৰ শাৰী হকী খেলুৱৈৰ বাবে আবণ্টন দিয়া হৈছিল, যাৰ বাবে ৰাহুল গান্ধীয়ে পিছফালে বহিবলগীয়া হৈছিল। কওঁ যে ৰাহুল গান্ধীৰ পিছফালে আৰু দুটা লাইন আছিল, য’ত কিছুমান অতিথি বহি আছিল।