স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ, শীঘ্ৰে বন্ধ হ’ব ৰাজ্যৰ এখন চিকিৎসা মহাবিদ্যালয়

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলি দাবী কৰি আহিছে যদিও শেহতীয়া এক খবৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷ এখন চিকিৎসা মহাবিদ্যালয় বন্ধ হ’বলৈ ওলোৱাৰ খবৰ প্ৰচাৰৰ পাছত চৰকাৰে দাবী কৰাৰ দৰে স্বাস্থ্য খণ্ডৰ উন্নয়ন হোৱা বুলি ক’ব নোৱাৰি৷ জানিব পৰা মতে, পাঞ্জাবাৰীস্থিত যাদৱ নাথ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন শীঘ্ৰে বন্ধ কৰা হ’ব৷ বৰ্তমান প্ৰায় ৩০০ ছাত্ৰই অধ্যয়ন কৰি থকা পাঞ্জাবাৰীস্থিত যাদৱ নাথ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয়ৰ অৱস্থা অত্যন্ত বেয়া বুলি জানিব পৰা গৈছে৷ একমাত্ৰ পাঞ্জাবাৰীস্থিত যাদৱ নাথ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন ধ্বংস কৰিব খোজা হৈছে৷ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয়ৰ এতিয়া মহ, ভেকুলীৰ বাসস্থান হৈছে৷ ১৯৭৫ চনত স্থাপিত হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয়খনৰ কদৰ্য্যময় অৱস্থা দেখা গৈছে৷

হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৰ্তমান ৩০০ ছাত্ৰ-ছাত্ৰী আছে৷ বহু সপোন লৈ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ ৰোগীৰ চিকিৎসাৰ বাবে প্ৰায় ২৫ খন বিচনা ৰখা হৈছে৷ কিন্তু বিচনাত চিকিৎসা কৰা নহয়৷ কিয়নো বাৰিষাৰ ৬ মাহে পানীত ডুব যায় ৰোগী ৰখা কোঠা৷ যাৰ ফলত ৰোগী আহিবলৈ এৰিছে৷ ৰোগীৰ বাবে পূৰ্বে ঔষধ যোগান ধৰা হৈছিল৷ কিন্তু এতিয়া সময় সময়ে ঔষধ আহে যদিও ৰোগীৰ অভাৱত ঔষধৰ ম্যাক উকলি গৈছে৷ বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে শিক্ষা সমাপ্ত কৰিছে৷ কিয়নো শিক্ষকৰ অভাৱ, পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা নহয়, খোৱাপানীৰ অভাৱ, আৱাসৰ অভাৱৰ বাবে বহু শিক্ষাৰ্থীয়ে যাদৱ নাথ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় এৰি গৈছে৷ সুবিধা নথকা পাঞ্জাবাৰীস্থিত যাদৱ নাথ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত হাতৰ ধন খৰছ কৰি কিছু ছাত্ৰই অধ্যয়ন কৰি আছে যদিও ভৱিষ্যত অন্ধকাৰ দেখিছে৷ যাৰ বাবে বৰ্তমান অধ্যয়নৰত ছাত্ৰ আৰু কৰ্মৰত শিক্ষকসকলে শীঘ্ৰে পাঞ্জাবাৰীস্থিত যাদৱ নাথ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক পুনজ্জীৱিত কৰিবলৈ দাবী উত্থাপন কৰিছে৷

চৰকাৰে ব্যয়বহুল এলোপেথিক পদ্ধতিত চৰকাৰে খৰছ কৰিছে ঠিকেই কিন্তু হোমিঅ’ পেথিক চিকিৎসাক অৱহেলা কৰিছে৷ ৰাজ্যৰ একমাত্ৰ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয়ৰ দুৰৱস্থাই ৰাজ্য চৰকাৰখনৰ ফোপোলা স্বৰূপ উদঙাইছে৷ হোমিঅ’ পেথিক চিকিৎসা মহাবিদ্যালয়ৰ ঠাই খালী কৰি আন কিবা কামত লবলৈ চৰকাৰ যো-জা কৰা বুলি জানিব পৰা গৈছে৷ আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসাৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। কিন্তু তেনে সময়তে অসমৰ ঐতিহ্যপূৰ্ণ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে অসম চৰকাৰে৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ