সৰ্বানন্দ-হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমানৰ প্ৰাণ যোৱা নাই

এদিনৰ বাবে প্ৰথমটো দিন কোকৰাঝাৰৰ বিধান পৰিষদীয় ভৱনৰ বাজেট অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয় অসম আৰু বিটিআৰত স্থানীয় শান্তি অহাৰ দাবী কৰে৷ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কয় যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ এজনো মুছলমান লোকৰ প্ৰাণ যোৱা নাই৷ ৰাজ্যপালৰ ভাষণত বিটিআৰ তথা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কথা উল্লেখ নথকাত বিধায়ক অখিল গগৈ বাৰে বাৰে থিয় হৈছিল৷ সেই কথা উভতি ধৰি মুখ্যমন্ত্ৰীয়ে পৰিষদীয় ভৱনতে অখিল গগৈক উত্তৰ দি কয় যে আপুনি ইতিবাচক কথা কওক। নেতিবাচক কথা কোকৰাঝাৰত আহি নক’ব। আপোনাৰ নেতিবাচক কথাৰ বাবে ইয়াত আৰু যাতে আন্দোলনৰ পৰিৱেশৰ সৃষ্টি নহয়। আপুনি এইবোৰ কথা গুৱাহাটীতো ক’ব পাৰিব। আপোনাৰ কথায়ে এইটোকে বুজাব বিচাৰিছে যে চুক্তিয়ে একোয়েই দিয়া নাই। আপুনি গুৱাহাটীত ১০ মিনিট বেছিকৈ বিটিআৰ চুক্তিৰ ওপৰত ক’ব। ১৯৮৫ চনৰ পৰা কোনো মুখ্যমন্ত্ৰীয়ে বিটিচিত নিশা কটোৱা নাছিল বুলি দাবী কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিৰোধীক ইতিহাস সোঁৱৰাই৷ প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকাল, সৰ্বানন্দ সোণোৱালেও কোনো মুখ্যমন্ত্ৰীয়ে এটা নিশাও বিটিআৰত কটোৱা নাই। বিটিএডিত মই ৮টা ৰাতি কটাইছো৷ আগতে নেতাই জনসভা, প্ৰচাৰসভাত অংশগ্ৰহণ কৰিব পৰা নাছিল৷ মই মুক্তভাৱে ঘূৰো আৰু জনসভাত অংশগ্ৰহণ কৰো। ৰাজ্যপালৰ ভাষণত বাৰে বাৰে থিয় দিয়াত স্বভাৱসূলভভাৱে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পুনৰ উত্তৰ দি আৰু কয় যে বিধানসভাৰ নিৰ্বাচনৰ আগত ষষ্ঠ অনুসূচিৰ কথা ইয়াত কৈ আছে৷ সেই একেজন মানুহেই নাগালেণ্ড, মেঘালয়ক মাটি এৰি দিলে বিৰোধ কৰে৷ ষষ্ঠ অনুসূচীৰ বাবে কেন্দ্ৰীয় চৰকাৰে টকা নিদিয়ে৷ ইয়াত কেন্দ্ৰীয় চৰকাৰে ষষ্ঠ অনুসূচীৰ বাবে টকা দিয়া বুলি ধাৰণা দিব বিচাৰিছে। জনজাতীয় লোকক লৈ ৰাজনীতি কৰা সহজ৷ কিন্তু জনজাতীয় লোকক আগবঢ়াই নিয়াৰ বাবে মনেপ্ৰাণে কাম কৰাতো টান৷ মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত উপস্থিত হৈয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত সেৱা জনাইছো বুলি অখিল গগৈক উদ্দেশ্যে কয়৷ অখিল গগৈয়ে বডোফাৰ প্ৰতিমূৰ্তিত সেৱা জনালে নে নাই নাজানো বুলি অট্টহাস্য কৰে৷ বডোফাৰ জন্ম দিন ৩১ মাৰ্চত অখিল গগৈয়ে এটাও টুইট কৰি শ্ৰদ্ধা জনোৱা নাছিল। বিটিআৰ চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি উল্লেখ কৰি আৱেগিক হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বহু কাম কৰিছে। বড়ো ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি বড়ো-অবড়োৰ মাজৰ সংঘাত নিৰাময় কৰিছো৷ ডিফু গুৱাহাটী, নগাঁও, কামৰূপতকৈ বহু আগবাঢ়ি গ’ল বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে৷ বিষয়াই আজিকালি ডিফুত নিশা কটায়। নিজেই দীৰ্ঘকালৰ মুক্যমন্ত্ৰী হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনোবাই ক’ব যে হিমন্ত বিশ্ব শৰ্মা দীঘলীয়া দিন-সময় মুখ্যমন্ত্ৰী হৈ থাকিব৷ তেতিয়া দায়িত্ব বাঢ়িব৷ তেনে কৰিবলৈ হ’লে দায়িত্বসহকাৰে কাম কৰিব লাগিব। বড়ো আন্দোলনৰ নেতা বিশ্বজিত দৈমাৰীৰ প্ৰসংগ উল্লেক কৰি কয় যে অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি পোৱাত ১৫শ বছৰীয়া অসমীয়া ভাষাৰ ইতিবৃত্তৰ কথা কৈছে বড়ো আন্দোলনৰ নেতা তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ এইখনেই নতুন অসম৷ এই সুযোগতে গৌৰৱ গগৈক আক্ৰমণৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰিয়ালৰ লগত টনা-আঁজোৰাক ব্যস্ত৷ পত্নীক সুৰক্ষা দিয়াত ব্যস্ত বুলি কয়।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে