নিজ ঘৰৰ বাথৰুমত পিছলি পৰি গুৰুতৰভাবে অসুস্থ প্ৰখ্যাত সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ আজি আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কনিষ্ঠ পুত্ৰৰ পৰা স্বাস্থ্যৰ বুজ লয় অখিল গগৈয়ে৷ হাইদৰ হুছেইন বৰ্তমান কথা পাতিব পৰা অৱস্থাত নাই বুলি জানিব পৰা গৈছে৷ প্ৰায় ৫ দিন পূৰ্বে নিজ ঘৰৰ বাথৰুমত পৰি হঠাতে অচেতন হৈ পৰে প্ৰখ্যাত সাংবাদিকগৰাকী৷ পৰিয়ালে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাত আইচিইউত ৰাখে৷ ৫ দিনৰ অন্তত আজি কেবিনলৈ স্থানান্তৰ কৰা হৈছে৷ বৰ্তমান হাইদৰ হুছেইন বিপদমুক্ত বুলি জনা গৈছে৷ অখিল গগৈয়ে স্বাস্থ্যৰ বুজ লৈ কয় যে আজি কেইদিন মান ধৰি অসুখত ভুগি থকা অসমৰ প্ৰখ্যাত সাংবাদিক আৰু বুদ্ধিজীৱী হাইদৰ হুছেইন খুড়াক জিএমচিএইচত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ ল’লো। হাইদৰ খুড়া আমাৰ অতিকে আপোন আৰু চেনেহৰ।
জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ
ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…