
কালি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ আহে৷ ফেচবুক লাইভত আহি কেইবাটাও ঘোষণা কৰিছে৷ এডিআৰই আৰু টেট পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ বিশেষ মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীয়ে পিজিটি আৰু জিটি পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৫ জুনত প্ৰভিচেনেল ৰিজাল্ট ঘোষণা কৰিব। প্ৰভিচেনেল ৰিজাল্ট ঘোষণা হোৱাৰ পাছত প্ৰাৰ্থীসকলৰ ডকুমেণ্ট ভেৰিফিকেচন কৰা হ’ব। ডকুমেণ্ট ভেৰিফিকেচনৰ পিছতে যিসকলৰ নথি প্ৰকৃত সেইসকলক চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। লগতে ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে এডিআৰইক লৈ ঘোষণা কৰে। এডিআৰই ২.০ৰ মৌখিক পৰীক্ষা আৰু কম্পিউটাৰ, দক্ষতাৰ পৰীক্ষাৰ দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তৃতীয় বৰ্গৰ পদৰ বাবে কম্পিউটাৰ পৰীক্ষা, চালক পদৰ বাবে পৰীক্ষা, ষ্টেনোগ্ৰাফাৰ পদৰ ব্যৱহাৰিক পৰীক্ষা আৰু ইলেক্ট্ৰিচিয়ান পদৰ দক্ষতা পৰীক্ষা ১৫ জুনৰ পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা ১৫ জুনৰ পৰা আৰম্ভ হ’ব। অসম চৰকাৰে সমূহপৰীক্ষা এমাহৰ ভিতৰতে সমাপ্তি কৰাৰ লক্ষ্য লৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু বিনামূলীয়া ভৰ্তিক লৈ বিশেষ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু অৰ্হতাসন্ধানী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ভৰ্তি আঁচনি ঘোষণা কৰে৷ ২০২৪–২৫ শৈক্ষিক বৰ্ষত স্নাতক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিমাহে ২,৫০০ আৰ্থিক সহায় লাভ কৰিব। এই আঁচনিৰ অনলাইন প’ৰ্টেল ১ জুনত মুকলি হ’ব আফ এই সাহায্য এটা বছৰলৈ প্ৰদান কৰা হ’ব। বিপিএল কাৰ্ড পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি বিনামূলীয়া হ’ব। বিপিএল কাৰ্ড নথকা সকলে আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।