২০০৮ত অসম আৰক্ষীত চাকৰি পোৱা ১৭ পৰিদৰ্শকে হেৰুৱাব চাকৰি

২০০৮ চনত তেতিয়াৰ চৰকাৰে আৰক্ষী পৰিদৰ্শক নিযুক্তি দিছিল৷ নিযুক্তি লাভ কৰিছিল ১১৫ জন বিষয়াই৷ ইয়াৰে ১৯গৰাকী বঞ্চিত প্ৰাৰ্থীয়ে চাকৰিৰ পৰা বঞ্চিত হৈছিল৷ অযোগ্য আৰু বক্ৰ পথেৰে ১৯ জন অযোগ্যক চাকৰি দিয়াৰ অভিযোগ আনিছিল বঞ্চিত ১৯ প্ৰাৰ্থীয়ে৷ বঞ্চিতসকলে ন্যায়ালয়ত লেখ আবেদন দাখিল কৰি ন্যায় দাবী কৰিছিল৷ অবৈধভাৱে চাকৰি লাভৰ অভিযোগ থকা ১৯গৰাকী আৰক্ষী পৰিদৰ্শক এতিয়া বিপদত পৰিছে৷ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰি ১৯ প্ৰাৰ্থীৰ হকে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিয়ে৷ ২০১৪ চনত পুনৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিছিল আদালতে৷ ২০১৭ চনত চৰকাৰে গঠন কৰিছিল এখন বিশেষ সমিতি৷ এই সমিতিয়ে বাছি উলিয়াইছিল মুঠ ১৯গৰাকী অযোগ্য প্ৰাৰ্থী৷ ইয়াৰে ২গৰাকীক ইতিমধ্যে চাকৰিৰ পৰা বিদায় দিয়া হৈছে৷ আনহাতে বিশেষ সমিতিয়ে ১৭গৰাকীকো চাকৰিৰ পৰা অব্যাহতৰ নিৰ্দেশ দি অসম আৰক্ষীৰ উলুবাৰীস্থিতি কাৰ্যালয়ৰ দ্বাৰা গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ এতিয়ালৈ চৰকাৰে ব্যৱস্থা লোৱা নাই যদিও শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ আৰক্ষী পৰিদৰ্শকসকল হৈছে চাহিদুৰ ৰহমান, ভাস্কৰ বৰ্মন, বদ্ৰীপ্ৰসাদ বাৰুৱতী, হেমেন শৰ্মা, ফাৰুক আহমেদ, অমৰ ঘোষ, নৱজিৎ তালুকদাৰ, কামাখ্যা মিশ্ৰ, আমিনুল ইছলাম, শশধৰ কলিতা, চৰিফুল ৰহমান, উদ্দীপ্ত কলিতা, নীলিমা বড়ো, ভনীতা দাস, ৰিংকুমণি কলিতা, টুইংকল গোস্বামী৷ ইতিমধ্যে অঞ্জন চৌধুৰী আৰু দিপাংকৰ শইকীয়াক চাকিৰ পৰা অব্যাহত দিয়া হৈছে৷ অচিৰেই চাকৰি হেৰুৱাবলগীয়া এই ১৭ জন আৰক্ষী পৰিদৰ্শকে অবৈধভাৱে নিৰ্বাচিত হৈছিল৷ ফলত যোগ্যসকল বঞ্চিত হৈছিল যদিও আদালতে দিয়া নিৰ্দেশৰ ফলত ন্যায় লাভ কৰিব৷

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ