২৬ত বিজেপি বিৰুদ্ধে মাৰবান্ধি থিয় দিব আহোমসকল, ১০ ডিচেম্বৰত কঁপাব দিল্লী

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনি বছৰ পাৰ কৰি চাৰিটা বছৰত ভৰি দিয়াত তিনি বছৰৰ মূৰকত পুনৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সৰৱ হৈছে কেইবাটাও সংগঠন৷ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সক্ৰিয় হৈছে জনজাতিকৰণ দাবী কৰা কেইবাটাও সংগঠন৷ আজি গুৱাহাটী এখন সংবাদমেল পাতি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা বিজেপিক দলক জনজাতিকৰণৰ বাবে সময় সীমা বান্ধি দিয়ে টাই আহোম ছাত্ৰ সন্থাই স্থিতি স্পষ্ট কৰি কয় যে শীঘ্ৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক৷ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা নিদিলে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিব আটাছুৱে৷ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয় যে এইবাৰ আমাৰ কথা স্পষ্ট৷ এইখন চৰকাৰে খিলঞ্জীয়া বিদ্বেষী নীতি লৈছে৷ খিলঞ্জীয়াক প্ৰৱঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে৷ ৬ জনগোষ্ঠীৰ ৰাইজক আশা দি নিৰাশা কৰিছে৷ প্ৰতিশ্ৰুতি দি আমাক জনজাতিকৰণৰ মৰ্য্যদা দিয়া নাই৷ যদি ২০২৬ চনৰ নিৰ্বাচনৰ আগত আহোমসকলৰ লগতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় তেন্তে এই বৃহৎ গণতান্ত্ৰিক উৎসৱৰ বিৰুদ্ধে থিয় দিব৷ বিজেপিৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজ মাৰবান্ধি থিয় দি যোগ্য প্ৰত্যুত্তৰ দিব৷ বসুন্ধৰা ৩.০ৰ অধিসূচনাৰ জড়িয়তে মৰাণ, মটক, চুতীয়া বিদ্বেষী সিদ্ধান্ত লোৱাৰ অভিযোগ আনি বসন্ত গগৈয়ে কয় যে এই অধিসূচনাৰ জড়িয়তে মৰাণ, মটক, চুতীয়াই মাটিৰ পট্টা বিচাৰিব লাগিলে তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব লাগে৷ ইয়াৰ দ্বাৰা এইখন চৰকাৰ যে খিলঞ্জীয়া বিদ্বেষী সেই কথা প্ৰমাণ হৈছে৷ চৰকাৰে খিলঞ্জীয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে৷ এই অধিসূচনা বাতিল কৰক৷ উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰু, কয়লা, কাঠৰ চিণ্ডিকেট চলাৰ অভিযোগ আনি গগৈয়ে আৰু কয় যে গৰু, কয়লা, কাঠৰ চিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে একচন লোৱা নাই৷ অসমৰ চৰকাৰে চিণ্ডিকেটৰ বিৰুদ্ধে একচন লওক৷ সংগঠনটোৱে কেইবাটাও কাৰ্যসূচী ঘোষণা কৰিছে৷ ১০ ডিচেম্বৰত জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব আটাছুৱে৷ লগতে ৩০ ডিচেম্বৰত সন্ত্ৰাসবাদী নিৰ্মূল দিৱস, ২৪ নৱেম্বৰৰ পৰা চেপনত তিনিদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস পালনৰ ঘোষণা কৰিছে৷ ২ ডিচেম্বৰত কাজিৰঙাত ‘অসম দিৱস’ পালনৰ ঘোষণা কৰিছে বসন্ত গগৈয়ে৷

  • Brahmaputra Times

    Related Posts

    মালবাহী গাড়ী চলাবলৈ চালকক প্ৰয়োজন নহ’ব গধুৰ বাহনৰ অনুজ্ঞাপত্ৰ

    এতিয়াৰে পৰা মালবাহী গাড়ী চলাবলৈ চালকসকলক প্ৰয়োজন নহয় গধুৰ বাহনৰ অনুজ্ঞাপত্ৰ থকাটো। কিয়নো দেশৰ বাহন চালকসকলক লৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা…

    নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে, নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ: মীৰা বৰঠাকুৰ

    “মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন বিধি উলংঘা কৰা নাইনে ? নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে ? নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ ?” – এই প্ৰশ্ন প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ