
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত ৪,৫৮৭ শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি দি নিযুক্তি পত্ৰ প্রদান কৰা হয়৷ লগতে ৫৮ প্ৰাৰ্থীক বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক নিযুক্তি দিয়া হয়৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নিযুক্তি প্ৰদান অনুষ্ঠানত ৫৮ অধ্যাপকসহ ৪৬৪৫ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে নিযুক্তি লাভ কৰা শিক্ষকক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৮ চনত এনে নিযুক্তিৰ সংখ্যা প্ৰায় ৫ হাজাৰতকৈও অধিক আছিল। মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহতো চুক্তিমূলক শিক্ষক নিযুক্তি দিয়া হৈছিল। সকলোকে চৰকাৰৰ সিদ্ধান্ত অনুসৰি ২০০৮ চনত আৰম্ভ হোৱা নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ সমাপন কৰি সকলোকে নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি দিছো। আজি নিযুক্তি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত ড০ শৰ্মাই বিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে এইসকল শিক্ষকে দায়িত্ব পালন কৰি আহিছে বুলি কৈ কয় যে এওঁলোকক নিযুক্তি স্বচ্ছতাৰে সম্পন্ন হৈছে। প্ৰথমে ৮ হাজাৰ টকা, ২০১২ চনত ১৫,৫০০ টকা দৰমহা বৃদ্ধি কৰা হয়। ২০১৮ চনত ২০ হাজাৰ টকালৈ দৰমহা বৃদ্ধি কৰা হয়। আমাৰ চৰকাৰে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক সাধাৰণ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পদৰ দৰে সা-সুবিধা প্ৰদান কৰা কৰো। মুখ্যমন্ত্ৰীয়ে নিয়মীয়াকৰণৰ ফলত শিক্ষক-শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা পাব আৰু ২৫ বছৰ চাকৰি থকাসকলে আন পৰ্যায়ত, ১০ বছৰ চাকৰি থকাসকলে নিয়মিত পেন্সন লাভ কৰিব বুলি উল্লেখ কৰে।