
অসমীয়াতে হ’ব লাগিব শিৱসাগৰ পৌৰ এলেকাৰ অন্তৰ্গত সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক।
৭ দিনৰ ভিতৰত নিজ নিজ দোকান আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখৰ নাম ফলক অসমীয়াত লিখিবলৈ নিৰ্দেশ।
এক বিবৃতিযোগে এই নিৰ্দেশ জাৰি কৰিছে শিৱসাগৰ পৌৰ সভাই।
উল্লেখ্য যে, শেহতীয়াকৈ শিৱসাগৰত অনা-অসমীয়াৰ দপ-দপনিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল কেইবাটাও দল-সংগঠন।
শিৱসাগৰৰ অসমীয়া-বহিৰাগত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছিল দল-সংগঠনসমূহে।
দল-সংগঠনৰ এই দাবীক সন্মান জনাই ৭ দিনৰ ভিতৰত দোকান আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়া ভাষাত লিখিবলৈ নিৰ্দেশ দিছে পৌৰ সভাই।
আনহাতে এই নাম ফলক পৌৰ সভাই নিৰ্ধাৰণ কৰি দিয়া চানেকি অনুসৰি হ’ব লাগিব বুলিও স্পষ্ট কৰি দিছে শিৱসাগৰ পৌৰ সভাই।