

ৰেট হোলা মাইনিং চলি থকাৰ কথা মানি নোলোৱা চৰকাৰ আৰক্ষী, প্ৰশাসনে এতিয়া ৰেট হোল মাইনিং বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে৷ ১৬ জানুৱাৰীত মৰিগাঁৱত মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ৰেট হোল মাইনিং বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল৷ এছঅ’পি প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছিল৷ তাৰ মাজতে কালিৰে পৰা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৰেট হোল মাইনিং বন্ধ কৰিবলৈ অভিযান চলিছে কালি আৰক্ষী আৰু প্ৰশাসনে মাৰ্ঘেৰিটাত ১৩টা অবৈধ ৰেট হোল মাইনিং বন্ধ কৰি দিছে বুলি খবৰ পোৱা গৈছিল৷ বিদ্যুৎ সংযোগ ব্যাহত কৰিছে৷ খনন সঁজুলী জব্দ কৰা হয়৷ আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি সিঙে প্ৰতিক্ৰিয়া দিয়ে৷ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকা ভ্ৰমণৰত জি.পি সিঙে কয় যে মুখ্যমন্ত্ৰীয়ে জ্ঞাত হৈছে যে মাৰ্ঘেৰিটা, লিডু, লেখাপানী আদি এলেকাত ৰেট হোল মাইনিং চলি আছে৷ আমি সেই এলেকাসমূহ স্থানীয় আইজিপি আৰু আধীক্ষকৰ সৈতে পৰিদৰ্শন কৰিছো৷ স্থানীয় প্ৰশাসন, কোল ইণ্ডিয়াকে ধৰি বিভিন্ন স্থানীয় সংস্থাক এক সপ্তাহৰ ভিতৰত সকলো ৰেট হোল মাইনিং বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ কালিৰ পৰা অভিযান আৰম্ভ হৈছে৷ নৰ্থ ইষ্ট কোল্ড ফিল্ডৰ লীজ এলেকাৰ তেনে দুটা মাইনিং চিনাক্ত কৰি বন্ধ কৰা হৈছে৷ উমৰাংছুত আজি অভিযান চলোৱা হৈছে৷ উমৰাংছুৰ খনন চলি থকা খনি পোৱা হোৱা নাই৷ কিন্তু পৰিত্যক্ত খনিসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই অভিযান ৭ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰে জি.পি সিঙে৷