ৰংঘৰ প্ৰকল্প ১৬-১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব, অসমৰ পথত সামৰিক বিমান উৰণ-অৱতৰণৰ ব্যৱস্থা

আজিৰে দিনত শিৱসাগৰ জিলা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিধায়ক অখিল গগৈৰ সৈতে ৰংঘৰৰ এলেকা, ডিমৌ, ভটীয়াপাৰ আৰু বিভিন্ন উন্নয়ন প্রকল্প পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে অৱস্থা মূল্যায়ন কৰে।

সাম্প্ৰতিক বৰষুণৰ ফলত ৰংঘৰ চৌহদত হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ পটভূমিত মুখ্যমন্ত্ৰীয়ে খোদ সেই স্থান পৰিদৰ্শন কৰি কয়, “এই কীৰ্তিচিহ্ন সংৰক্ষণ আমাৰ দায়িত্ব, ৰাইজক কথা দিওঁ আৰু সেই কথা ৰক্ষা কৰিও দেখুওৱা আমাৰ চৰকাৰৰ কৰ্তব্য। ১৬-১৮ মাহৰ ভিতৰত ৰংঘৰ প্ৰকল্প সম্পূৰ্ণ হ’ব আৰু পানী জমা হোৱা সমস্যা এক-দেড় মাহৰ ভিতৰত সমাধান কৰা হ’ব।”

উল্লেখযোগ্য যে, এই পৰিদৰ্শনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে নুমলীগড়-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম ফেব্ৰুৱাৰী-মাৰ্চ ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হ’ব। লগতে, ডিমৌ-মৰাণ ঘাইপথত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম “ইমাৰ্জেঞ্চী লেণ্ডিং ফেচিলিটী” নিৰ্মাণ কৰা হৈছে, যাৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত সামৰিক তথা অসামৰিক বিমান উৰণ-অৱতৰণ কৰিব পাৰিব।

ইয়াৰ উপৰিও, ভাৰত চৰকাৰে বৰমা-টিহু আৰু নগাঁও-লামডিং মাজত দুটা নতুন ইমাৰ্জেঞ্চী লেণ্ডিং ফেচিলিটী স্থাপন অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ডিমৌস্থিত টাটা কেন্সাৰ হাস্পতাল আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ অগ্ৰগতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “টাটা কেন্সাৰ হাস্পতালৰ ৬৫% কাম সম্পূৰ্ণ হৈ গৈছে আৰু এই বছৰ ডিচেম্বৰ মাহত উদ্বোধন হ’ব। আনহাতে, চিকিৎসা মহাবিদ্যালয়ৰ ২০% কাম অগ্ৰগতি হৈছে আৰু দুয়োটা প্ৰতিষ্ঠান অহা দুই বছৰৰ ভিতৰত ৰাইজৰ সেৱাত নিয়োজিত হ’ব।”

চিকিৎসা মহাবিদ্যালয়লৈ সহজ যাতায়াতৰ বাবে এনএছ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে নতুন সংযোগ পথ নিৰ্মাণৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তদুপৰি, মুখ্যমন্ত্ৰীয়ে ডিমৌ-জাঁজী চাৰিলেন পথৰ কামত হোৱা বিলম্বৰ বিষয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ফেব্ৰুৱাৰীৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

ডিমৌৰ ৰুদ্রসাগৰ ৰেচম উদ্যোগ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় উদ্যোগৰ উন্নয়নলৈ চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ দিশত গুৰুত্ব আৰোপ কৰে।

আজি মুখ্যমন্ত্ৰীয়ে ভটীয়াপাৰস্থিত অ’এনজিচিৰ ৰীগত হোৱা গেছ নিৰ্গমণ স্থানো পৰিদৰ্শন কৰে। এই ঘটনা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই কয়, “ক্ষতিগ্ৰস্ত এলেকাৰ প্ৰতিটো পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাইজৰ দাবী ন্যায়সঙ্গত। মুখ্যমন্ত্ৰী গৰাকীয়ে অ’এনজিচিৰ পৰা এই ক্ষতিপূৰণ আদায় কৰিবলৈ পদক্ষেপ ল’ব।”

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে