ৰঙালী বিহুৰ আগমুহূৰ্তত বিদায় ল’লে সাহিত্যিক গীতালী বৰুৱা

অসমীয়া সাহিত্য-সংস্কৃতি জগতলৈ অপূৰণীয় ক্ষতি কঢ়িয়াই বিশিষ্ট সাহিত্যিক, কবি, ঔপন্যাসিক, অভিনেত্ৰী গীতালী বৰুৱাই আজি অচিনাকি পথেৰে চিৰবিদায় ল’লে। ৰঙালী বিহুৰ প্ৰাক্ক্ষণত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।

১৯৬১ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা গীতালী বৰুৱাই বিলাসীপাৰাৰ বাসিন্দা হৈয়ে অসমীয়া সাহিত্যক গল্প, কবিতা, উপন্যাস, নাটক আদিৰে সমৃদ্ধ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰা বৰুৱাই ২০০২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম কাব্য সংকলন একুৰি অনুভূতিৰ জৰিয়তে সাহিত্যিক জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত এবুকু অনুকম্পাঅদৃশ্য ডাকোৱালসৰিসৃপ মৌনতাশান দিয়া জোন আদি কাব্য সংকলন, সাতখন গল্প সংকলন, কেইবাখনো উপন্যাস আৰু প্ৰবন্ধৰে সাহিত্যকৃষ্টিৰ মাজেদি পাঠক-সমালোচকৰ প্ৰশংসা অৰ্জন কৰে।

তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে অভিমান নাটকত অভিনয়ৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰা বৰুৱাই পৰৱৰ্তী সময়ত বহুকেইখন নাটক আৰু চলচ্চিত্ৰতো অভিনয় কৰে। ১৯৮৭ চনত চিকিৎসক ড° অখিল কুমাৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

তেখেতে অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটামাইকেল মধুসূদন বঁটা, অসম সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটাএনাজৰী বঁটা আদি সন্মানেৰে বিভূষিত হৈছিল।

মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে তেওঁৰ বাসভৱনত গুণমুগ্ধ, সাহিত্য-সংস্কৃতিৰ কৰ্মী, বিভিন্ন সংগঠনৰ সদস্যসকল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হয়। তেওঁৰ নশ্বৰ দেহত ফুলৰ মালাৰে শেষ বিদায় জনোৱা হয়। সাহিত্যিকসকলে তেওঁৰ মৃত্যুক “অসমীয়া সাহিত্যৰ এটা যুগৰ সমাপ্তি” বুলি কৈ শোক প্ৰকাশ কৰিছে।

গীতালী বৰুৱাই এৰি যোৱা সাহিত্য-ভাণ্ডাৰ আৰু সাংস্কৃতিক অৱদানে তেওঁক চিৰস্মৰণীয় কৰি ৰাখিব। তেওঁৰ আত্মাৰ শান্তি কামনা কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হৈছে।

  • Related Posts

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ