
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে৷ —-এই আপ্তবাক্যশাৰী এতিয়া খাপ খাইছে ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ নাগৰিক ৰমেশ বিশ্বাস কুমাৰৰ সৈতে৷ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৪২ জন লোকৰ ভিতৰত ২৪১ জনৰ প্ৰাণ গৈছে যদিও মাথোঁ ৰমেশ বিশ্বাস কুমাৰ জীৱন্তে উদ্ধাৰ হৈছে৷ ৰমেশ বিশ্বাস কুমাৰ জীৱন্তে উদ্ধাৰ হোৱাটো এই দুৰ্ঘটনাৰ আশ্চৰ্যকৰ ঘটনা৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ১১-এ ছীটত আছিল ৰমেশ বিশ্বাস কুমাৰ৷ বৃহৎ শব্দ কৰি বিস্ফোৰিত হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতো তেওঁ উক্ত ঠাইৰ পৰা ওলাই নিজে খোজকাঢ়ি এম্বুলেন্সৰ ওচৰলৈ গৈছিল। আহমেদাবাদ আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। আহমেদাবাদৰ পুলিচ কমিছনাৰ জি. এছ. মালিকে কয় যে ছীট ১১-এ ৰ যাত্ৰীজন জীৱিত অৱস্থাত পোৱা গৈছে। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। ৰমেশ বিশ্বাস কুমাৰে কয় যে দুৰ্ঘটনাৰ পিছত এক প্ৰচণ্ড বিস্ফোৰণ হৈছিল। চাৰিওফালে জুয়ে আৱৰি ধৰিছিল। মোৰ বিশ্বাস হোৱা নাই যে যে মই এতিয়াও জীৱিত। এইটো সঁচাকৈ এক অলৌকিক ঘটনা। এম্বুলেন্সে মোক হস্পিতাললৈ লৈ আহিছে। ৰমেশ কুমাৰ বিশ্বাসে লণ্ডনত পত্নী আৰু সন্তানৰ সৈতে বসবাস কৰে৷ বিদেশ মন্ত্ৰণালয়ে আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোক অত্যন্ত দুখজনক বুলি আখ্যা দি যিসকল লোকে এই দুৰ্ঘটনাত নিজৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু মিনিটৰ ভিতৰতে আবাসিক অঞ্চলত খহি পৰে। বিমানখনত ২ জন পাইলট, ১০ জন ক্ৰু সদস্যসহ মুঠ ২৪২ জন লোক আছিল। এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি উক্ত বিমানখনত ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ আৰু ১ গৰাকী কানাডাৰ নাগৰিক আছিল। ইপিনে এই ঘটনাৰ পিছতে বিজেপি নেতা সুব্রমণিয়াম স্বামী সৰৱ হৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্রী আৰু বিমান পৰিবহণ মন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে৷ সুব্রমণিয়াম স্বামীয়ে এক্সত পোষ্ট দি কয় যে ১৯৫০ ৰ দশকত যেতিয়া এখন ৰে’ল লাইনচ্যুত হৈছিল তেতিয়া লালবাহাদুৰ শাস্ত্ৰীয়ে পদত্যাগ কৰিছিল। সেই একেই নৈতিকাৰ ভিত্তিত মই প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিমান পৰিবহণ মন্ত্ৰী নাইডুৰ পদত্যাগ দাবী কৰিছো, যাতে মুক্ত আৰু নিৰপেক্ষ তদন্ত হ’ব পাৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ সুব্রমণিয়াম স্বামীৰ এই মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷