গুৱাহাটীঃ আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰবল বৰষুণৰ আগজাননী জাৰি কৰিছে গুৱাহাটীৰ বতৰ বিজ্ঞান বিভাগে।
সোমবাৰে বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি, ৫ আগষ্টৰ পৰা ৯ আগষ্টলৈ অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
আনহাতে এই সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰান্তে প্ৰান্তে বজ্ৰপাতৰো সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।
বতৰৰ আগজাননী জাৰি কৰি ইতিমধ্যে গুৱাহাটীৰ বতৰ বিজ্ঞান বিভাগে অসমৰ ২৮ খন জিলাত ইয়েল’ এলাৰ্ট আৰু ৩ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সেই অনুসৰি দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।
একেদৰে অতিমাত্ৰা বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰি গোৱালপাৰা, শোণিতপুৰ, বিশ্বনাথ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
উল্লেখ্য যে, সোমবাৰে ধাৰাসাৰ বৰষুণে ধুৱাই পেলাইছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। এজাক বৰষুণতে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈ স্বাভাৱিক জীৱন ব্যাহত হৈ পৰা দেখা গৈছে।