ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কংগ্ৰেছ প্ৰতিনিধিৰ, পঞ্চায়ত নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ

পঞ্চায়ত নিৰ্বাচনত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি নদুৱাৰ আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিত নতুনকৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে। জিলা কংগ্ৰেছৰ সভাপতি দাদুল কুমাৰ বৰকটকীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে আজি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। নদুৱাৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক ভয়-ভাবুকি দি একাংশ গুণ্ডাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নিদিয়াৰ সবিস্তাৰ তথ্য আৰু আৰক্ষীক দাখিল কৰা গোচৰ, জিলা আয়ুক্তক লিখিতভাৱে দিয়া অভিযোগৰ প্ৰতিলিপিসহ এক আবেদন দাখিল কৰে। এই আবেদনখনৰ জৰিয়তে নদুৱাৰ আৰু ঢেকীয়াজুলি সমষ্টিৰ ৰাইজক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ দিয়াৰ দাবীত নতুনকৈ নিৰ্বাচনী প্ৰক্ৰিয়া উত্থাপন কৰাৰ দাবী উত্থাপন কৰে আৰু সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ আনিবলৈ আহ্বান জনায়। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, পঞ্চায়তীৰাজ বিভাগৰ অধ্যক্ষ হেমন্ত অধিকাৰী, মুখপাত্ৰ আনোৱাৰ হুছেইন লস্কৰ, ৰূপা কলিতা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সম্পাদক ৰাজেশ পাণ্ডিয়াকে ধৰি একাংশ প্ৰতিনিধিয়ে আজি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওচৰত যুক্তিসহকাৰে নদুৱাৰ আৰু লখিমপুৰত পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰিবৰ বাবে দাবী জনায়। আয়ুক্তজনে বিষয়টো পৰ্যালোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…