
পঞ্চায়ত নিৰ্বাচনৰ মাজতে বিৰোধীৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত ৰাজ্যৰ ৰাজনীতিত এতিয়া গৰম হৈছে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ পিছতে অখিল গগৈয়েও গৌৰৱ গগৈক আক্ৰমণ কৰিছিল৷ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি অখিল গগৈক প্ৰত্যুত্তৰ দি অখিল গগৈক লক্ষ্য লয়৷ অখিল গগৈয়ে কৰি অহা বিভিন্ন মন্তব্য সন্দৰ্ভত মন্তব্য প্ৰদান কৰি অখিল গগৈক স্থিৰতা আনিবলৈ পৰামৰ্শ দিয়ে। গৌৰৱ গগৈয়ে কয় যে এই ধৰণে ৰাজনীতিত গম্ভীৰভাৱে কাম কৰাটো কঠিন। অখিল গগৈৰ সৈতে আমাৰ ব্যক্তিগত সম্পৰ্ক ভাল৷ কিন্তু ৰাজনৈতিকভাৱে কাম কৰিবলৈ অলপ স্থিৰতা আৱশ্যক। তেওঁ কেতিয়াবা ড০ হীৰেন গোঁহাইকো সমালোচনা কৰে, কেতিয়াবা মোক সমালোচনা কৰে৷ এদিন কংগ্ৰেছৰ পক্ষে আৰু দুদিন পিছত বিপক্ষে কথা কয়। অখিল গগৈৰ কথা ধৰিবলৈ টান বুলি প্ৰকাশ কৰি গৌৰৱ গগৈয়ে আৰু কয় যে নিবাৰ্চনৰ সময়ত অখিল গগৈয়ে সংবাদ মাধ্যমত নিজৰ কথাবোৰ প্ৰকাশ কৰি আছে। সেই কাৰণে মই অখিল গগৈৰ কথাবোৰ ধৰিবলৈ টান পাইছো। অখিল গগৈয়ে এদিন আমাৰ পক্ষত কথা ক’ব৷ দুদিন পিছত বিপক্ষে ক’ব। এদিন ভূপেন বৰাৰ লগত চাহ খাব৷ দুদিন পিছত আকৌ তেওঁ কংগ্ৰেছকে সমালোচনা কৰিব। ড০ হীৰেন গোঁহাই ছাৰকো তেওঁ সমালোচনা কৰে। কেতিয়াবা মোক সমালোচনা কৰে। কোন দিনা তেওঁ কি কয় ধৰিবই নোৱাৰি। আমাৰ ব্যক্তিগত সম্পৰ্ক ভালেই আছে, কিন্তু যেতিয়া আমি কাম কৰিবলৈ বিচাৰো তেতিয়া অলপ স্থিৰতা লাগে।