অগপৰ কমলা-সত্যব্ৰত-জয়নাথৰ আশাত চেঁচাপানী, আসন এৰি দিয়া নহ’ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে অসম গণ পৰিষদক সাংগঠনিক শক্তি চাইহে আসন এৰি দিয়া হ’ব৷ লগতে বিজেপিৰ দখলত থকা কমলপুৰ, পলাশবাৰী, ছিপাঝাৰ, ৰঙিয়া অগপক কোনো কাৰণত এৰি নিদিয়ে বিজেপিয়ে৷ বিজেপিৰ দখলত থকা কোনো সমষ্টি এৰি নিদিও বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আজি সংবাদমাধ্যমৰ সৈতে মুখামুখি হৈ বিজেপিৰ দখলত থকা কোনো সমষ্টি অসম গণ পৰিষদে নাপায় বুলি কয় বিজেপিৰ অসমৰ মুখ্য নেতাগৰাকীয়ে৷ শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে সক্ৰিয় অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতা, জয়নাশ শৰ্মা আৰু সত্যব্ৰত কলিতাই কমলপুৰ, পলাশবাৰী, ছিপাঝাৰ, ৰঙিয়া দাবী কৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে আজি কয় যে বিজেপিৰ দখলত থকা কোনো সমষ্টি নাপায় অসম গণ পৰিষদে৷ পলাশবাৰী সমষ্টিত বিজেপি দলেই খেলিব৷ নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে৷ আমাৰ চিটিং এমএলএ আছে৷ মই যদি কালি গৈ কও বোকাখাত সমষ্টিটো আমাক লাগে৷ সেয়া মিত্ৰতাৰ ধৰ্ম নহয়৷ যদি কমলা কলিতাই উঠিবই খোজে তেন্তে জালুকবাৰীত আহি উঠক৷ পলাশবাৰী বিজেপিৰ লগত আছে আৰু বিজেপিৰ লগত থাকিব৷ বোকাখাত, কলিয়াবৰ অগপৰ লগত আছে আমি সেই কেইটা নিবিচাৰো৷ ইপিনে অগপই ৪৪ খন আসন দাবী কৰিম বুলি কৈ অহাৰ কথাটো নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আসন বিচাৰিলে আপত্তি কৰিবলগীয়া একো নাই৷ যি দলে যেনেকৈ সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেন্তে আমি এৰি দিম৷ আমি এটা বস্তু চাব লাগিব যে কোন দলৰ শক্তি আছে৷ বিৰোধীৰ বিধায়কে বিজেপিত যোগদান কৰিব নেকি সোধা এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান সময়ত কোনো বিধায়কে বিজেপিত যোগদান নকৰে৷ যদি বিধানসভাৰ নিৰ্বাচনৰ আগতে যদি প্ৰয়োজন হয় তেন্তে কোনোবাই বিজেপিত যোগদান কৰিলে আমি আদৰণি জনাম৷ এইকেইদিন আমি বেছি ৰাজনীতি কৰি থাকিব খোজা নাই৷ কোনোবা এজন বিধায়কে যোগদান কৰিলে উপ-নিৰ্বাচনত দুমাহ শেষ হ’ব৷ তাৰ পিছত কেইদিন থাকিল৷ ডেৰটা বছৰ কাম কৰিব লাগে৷ কোনোবাই যদি যোগদান কৰিম বুলি ভাবি আছে তেন্তে জানুৱাৰী-ফেব্ৰুৱাৰীলৈ ৰৈ থাকক৷ এইকেইদিনত উপ-নিৰ্বাচন খেলি থাকিলে কাম কৰাৰ সময় নোহোৱা হ’ব৷ পঞ্চায়ত নিৰ্বাচন আৰু মিত্ৰতা ভংগক লৈ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ সৈতে থকা মিত্ৰদলৰ সৈতে মিত্ৰতা নাভাঙে৷ যেনেকৈ আছো তেনেকৈ থাকিব৷ কিন্তু পঞ্চায়ত নিৰ্বাচনত স্থানীয় পৰ্যায়ত মিত্ৰতা হ’ব৷ ৰাজ্যিক পৰ্যায়ত নহয় সমষ্টি বা জিলা পৰ্যায়ত হ’ব৷ নলবাৰী, জালুকবাৰীত অগপৰ লগত কথা পাতিম৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…