উজনিৰ চাবুৱা সমষ্টিত অগপক এৰি অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ ঘোষণা কৰিছে বিজেপিয়ে৷ অকেল নিৰ্বাচন খেলাই নহয় অগপৰ দখলত থকা চাবুৱা সমষ্টিৰ ১৮টা আঞ্চলিক পঞ্চায়তৰ ১৭টা বিজেপিয়ে দখল কৰিব বুলি দাবী কৰিছে খোদ বিজেপিৰ বিধায়কে৷ আজি এই কথা স্পষ্ট কৰিলে বিজেপিৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই৷ মুখ্য বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে একো নকৈ কেৱল সহযোগী দল অগপৰ বিৰুদ্ধে আজি শংখনাদ বজালে বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই৷ অগপৰ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিজেপিৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ মাজত দীৰ্ঘদিনে চলি থকা শীতল যুদ্ধৰ মাজতে আজি বিজেপি নেতা তথা লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই সংবাদমেল সম্বোধন কৰি বিজেপিয়ে চাবুৱা সমষ্টিত পঞ্চায়ত নিৰ্বাচন অকলে অৱতীৰ্ণ হ’ব বুলি স্পষ্ট কৰিছে৷ বিজেপিয়ে চাবুৱাত অকলে খেলাটাে এশ শতাংশ নিশ্চিত বুলি স্পষ্ট কৰিছে৷ পোনাকণ বৰুৱাই পঞ্চায়ত নিৰ্বাচনত একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ ইংগিত দিছিল যদিও আজি পোনাকণ বৰুৱাৰ বিৰুদ্ধে স্পষ্ট মত পোষণ কৰি বিনোদ হাজৰিকাই কয় যে চাবুৱাত মিত্ৰতাত নিৰ্বাচন খেলাটো অসম্ভৱ, অবাস্তৱ, আবান্তৰ কথা৷ বিনোদ হাজৰিকাই অগপৰ সৈতে কোনো কাৰণত এক হৈ পঞ্চায়ত নিৰ্বাচন খেলিব নোখোজা কথাটো স্পষ্ট কৰি কয় যে ইতিমধ্যে আমি ৱাৰ্ড, আঞ্চলিক, জিলা পৰিষদৰ খেলিব খোজাসকলৰ পৰা আৱেদন বিচাৰিছো৷ আমি তাৰ পৰা বাছনি কৰি আবেদনকাৰীৰ সংখ্যা কমাই তালিকা প্ৰস্তুতৰ কাম ডিচেম্বৰ মাহতে শেষ কৰিম৷ বিজেপি বিধায়ক হাজৰিকাই স্পষ্টকৈ কয় যে ২০১৬ চনৰ পৰা মই চাবুৱা সমষ্টিৰ বিধায়ক হৈ সেৱা কৰিছো৷ ২০২১ চনত চাবুৱা সমষ্টি অগপক এৰি দিয়া হয়৷ হাজৰিকাই চাবুৱা সমষ্টি আৰু লাহোৱাল সমষ্টিত তেওঁৰ অভিজ্ঞতা বেছি বুলি দাবী কৰিছে৷ আনহাতে আজিৰ সংবাদমেলত অগপ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় হাজৰিকাই৷ হাজৰিকাই কয় যে আমাৰ দলে তিনিতৰপীয়া চাৰ্ভে কৰে৷ ইতিমধ্যে এটা চাৰ্ভে কৰিছে৷ পুনৰ আন এটা চাৰ্ভে কৰা হ’ব৷ অমিত শ্বাহ ডাঙৰীয়াৰ চাৰ্ভে থাকে৷ চাৰ্ভেত যদি অসমৰ গণ পৰিষদৰ ভাল দেখুৱাই তেন্তে অসম গণ পৰিষদে আসনখন পাব৷ চাৰ্ভেত যদি বিজেপিৰ অৱস্থা ভাল তেন্তে বিজেপিয়ে আসনখন পাব৷ যিসকল বিধায়কে নিষ্ঠা, সততাৰে কাম কৰি আছে সেইসকলে টিকট পাবই বুলিও মুখ্যমন্ত্ৰীয়ে কোৱা বুলি কয় হাজৰিকাই৷ অসম গণ পৰিষদৰ স্থিতি দুৰ্বল বুলি আওপকীয়াকৈ স্বীকাৰ কৰিও বিজেপি বিধায়ক বিনোদ হাজৰিকাই কয় যে অগপৰ সৈতে আমাৰ মিত্ৰতা থাকিব৷ কিন্তু অগপই ৪৫ খন আসন বিচাৰিছে৷ ৪৫ খন আসন নাপায়৷ যেতিয়া আলোচনাৰ সময়ত সহমতত আহিব তেতিয়া ৪৫টা দিয়ে নে কি দিয়ে সেইটো এতিয়াই ক’ব পৰা অৱস্থাত নাই৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…