অগ্নিগৰ্ভা বাংলাদেশৰ পৰা উভতি আহিল ভাৰতীয় ছাত্ৰ, প্ৰতিবাদকাৰীৰ সপক্ষে ৰায়

হিংসাজৰ্জৰিত বাংলাদেশৰ পৰা উভতি আহিছে ভাৰতীয় ছাত্ৰৰ দল৷ বাংলাদেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰসকলে ভাৰতীয় দূতাবাদৰ সহায়ত স্বদেশলৈ উভতি আহিছে৷ ত্ৰিপুৰাৰ বাংলাদেশ সীমান্ত আৰু পশ্চিমবংগৰ বাংলাদেশ সীমান্তলৈ অনা হৈছে ছাত্ৰ-ছাত্ৰীক৷ তাৰ পৰা বিশেষ বিমান যোগে নিজ নিজ গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে৷

শিৱসাগৰৰ আব্বাছ আলী নামৰ ছাত্ৰজনে স্বগৃহত উপস্থিত হৈ বাংলাদেশ হিংসাৰ শিহৰণকাৰী বৰ্ণনা প্ৰদান কৰিছে৷ তেওঁলোকে সীমান্তলৈ আহি থকা বাহনখন ৰখাই জ্বলাই দিব খুজিছিল উগ্ৰ প্ৰতিবাদকাৰীয়ে৷ আব্বাছ আলীয়ে কয় যে আমি যেতিয়া ভাৰতৰ সীমান্ত অভিমুখে আহি আছিলো তেতিয়া আমাৰ গাড়ী জ্বলাই দিব খুজিছিল৷ আমি আহি থাকোতে দেখিছো ৰাজপথত নিঠৰ দেহ পৰি ৰৈছে৷ আমি জীৱন কোনো মতে বচাই আহিছো৷

বাংলাদেশৰ পৰা ভাৰতৰ প্ৰায় সকলো ছাত্ৰ উভতি অহা বুলি জানিব পৰা গৈছে৷ এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৎপৰতা লক্ষ্যনীয় আছিল৷ ইয়াৰ মাজতে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে চলি থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে বেছিভাগ চৰকাৰী চাকৰিত সংৰক্ষণ সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে।

উচ্চতম ন্যায়ালয়ে দেওবাৰে নিৰ্দেশ দিছিল যে দেশৰ ৯৩ শতাংশ চৰকাৰী চাকৰি যোগ্যতাৰ ভিত্তিত পূৰণ কৰা হ’ব। একে সময়তে, আদালতে কৈছিল যে ১৯৭১ চনৰ স্বাধীনতা আন্দোলনত জড়িত যুঁজাৰুসকলৰ পৰিয়ালক মাত্ৰ ৫ শতাংশ সংৰক্ষণ দিয়া উচিত। বাকী দুই শতাংশ চাকৰি বিকলাংগ, ট্ৰেন্সজেণ্ডাৰ আৰু জাতিগত সংখ্যালঘুসকলৰ বাবে সংৰক্ষিত৷ জুলাই মাহৰ আৰম্ভণিৰ পৰা বাংলাদেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তত কোটা প্ৰণালীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

বিগত কেইদিনমান ধৰি বাংলাদেশত চলি থকা প্ৰতিবাদত বৃহৎ পৰিমাণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে কমেও ১১৫ জন লোক নিহত হৈছে। অৱশ্যে, স্থানীয় সংবাদ মাধ্যমৰ মতে, মৃত্যুৰ সংখ্যা ইয়াতকৈ বহু বেছি হ’ব পাৰে। কেৱল শুকুৰবাৰে কমেও ৫০ জন লোকৰ মৃত্যু হৈছিল। বাংলাদেশ চৰকাৰে শনিবাৰে ৰাজধানী ঢাকাত কাৰফিউ জাৰি কৰিছিল। দেওবাৰে, ৰাজধানী ঢাকাৰ বেছিভাগ ৰাস্তা নীৰৱ হৈ আছিল। অৱশ্যে, কিছুমান অঞ্চলৰ পৰা সামান্য সংঘৰ্ষৰ খবৰ পোৱা গৈছিল। বাংলাদেশ চৰকাৰে ২০১৮ চনত বিতৰ্কিত কোটা প্ৰণালী বাতিল কৰাৰ পিছত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল কিন্তু যোৱা মাহত উচ্চ ন্যায়ালয়ে ইয়াক পুনৰ স্থাপন কৰিছিল।

 

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক