অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

মেইটেই সম্প্ৰদায়ৰ উত্তেজিত জনতাই এইবাৰ বিজেপিৰ মন্ত্ৰী-বিধায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কসকলক ইম্ফলৰ সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কক আৱাসৰ পৰা আতৰাই ৰাখিছে কিয়নো বিগত ২৪ ঘণ্টাত কেবাজনো বিজেপিৰ বিধায়কক লক্ষ্য কৰি লৈছিল মেইটেই সম্প্ৰদায়ৰ ক্ষোভিত জনগণে৷ ৰাজ্যৰ এজন মন্ত্ৰীকে ধৰি মুঠ ১৩ জনৰ নেতাৰ বাসগৃহত জ্বলাই দিছে। বিজেপিৰ ৯ জন বিধায়ক, এজন কংগ্ৰেছ বিধায়ক, এজন জেডিইউৰ বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়কৰ ঘৰ আক্ৰমণ কৰিছে সা-সম্পত্তি জ্বলাই দিছে। বিধায়কসকলৰ ঘৰত আক্ৰমণ কৰা ঘৰৰ সা-সামগ্ৰী ভাঙি পেলাইছে৷ পৰিস্থিতি চম্ভালিব নোৱাৰা হৈ পৰাত পুনৰ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে যদিও ব্যাপক হাৰত মেইটেই লোক পথলৈ ওলাই অহাত ৰাজপথত যুদ্ধসদৃশ পৰিস্থিতি দেখা গৈছে৷ ক্ষুব্ধ জনতাই ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী-বিধায়কৰ ঘৰবোৰক লক্ষ্য কৰি লৈছে আক্ৰমণ কৰি গৈছে৷ এই পৰ্যন্ত ১২ বিজেপি-বিধায়ক, এজন কংগ্ৰেছ নেতা-বিধায়ক, এজন জেডিইউৰ বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়কৰ ঘৰত আক্ৰমণ সংঘটিত হৈছে৷ মন্ত্ৰী-বিধায়কৰ বাসগৃহত আক্ৰমণৰ লগতে জিৰিবামত কেইবাটাও গীৰ্জাসহ জ্বলাই দিয়া হৈছে৷ জিৰিবামৰ জাইৰন গাঁৱত মেইটেই আৰু কুকিৰ মাজত গুলিয়াগুলী লাগে। ফলত ঠায়ে ঠায়ে সান্ধ্য আইন জাৰি কৰা হৈছে আৰু দুদিনৰ বাবে ইম্ফলসহ কেইবাটাও এলেকাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। ৰাজধানী ইম্ফল, চূড়াচান্দপুৰ, বিষ্ণুপুৰসহ কেইবাটাও এলেকাত দিনৰ পৰাই নিশা পৰ্যন্ত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি গৈছে হাজাৰ হাজাৰ মেইটেই লোকে৷ কালি তিনিজন বিধায়কৰ ঘৰত আক্ৰমণ কৰি সা-সম্পত্তি লণ্ড-ভণ্ড কৰিছে৷ কালি বিজেপি বিধায়ক আৰ.কে ইমো সিং, এল চুচিন্দ্ৰো মেইটেই, সপম কুঞ্জেকেশ্বৰ সিঙক ভিৰে লক্ষ্য কৰি লৈছিল৷ ১১ নৱেম্বৰত জিৰিবাম জিলাৰ বড়োবেক্ৰা আৰক্ষী থানাৰ অন্তৰ্গত শিবিৰৰ সমীপত সন্দেহযুক্ত কুকি বিদ্ৰোহীয়ে এটা চিআৰপিএফৰ শিবিৰত আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে দুয়োপক্ষৰ সংঘৰ্ষত নিহত হৈছিল ১০ সন্দেহনজনক বিদ্ৰোহী। তাৰ পাছতে ১২ নৱেম্বৰত কুকি বিদ্ৰোহীয়ে মেইটে সম্প্ৰদায়ৰ এটি ৮ বছৰীয়া, এটি আঢ়ৈ বছৰীয়া, এটি ১০ মহীয়া কেঁচুৱা আৰু তিনি মহিলাক অপহৰণ কৰে। তাৰ পাছতে ১৫ আৰু ১৬ নৱম্বৰত তিনিটা তিনিটাকৈ দুই ঠাইত গিলগাল অঞ্চলৰ বৰাক নৈত ৮ বছৰীয়া, আঢ়ৈ বছৰীয়া, ১০ মহীয়া কেঁচুৱা আৰু তিনি মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পুনৰ জ্বলি উঠিছে মণিপুৰ৷ ইপিনে আজি কংগ্ৰেছ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জৰুৰীভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। সিঙে অভূতপূৰ্ব হিংসা আৰু আইন-শৃংখলাৰ গুৰুতৰৰ পৰিস্থিতিৰ মাজত সাংবিধানিক শাসন বজাই ৰখাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। আজি আমি অস্থিৰতা, অবিশ্বাসৰ পৰিৱেশৰ সন্মুখীন হৈছো। নৱজাতক আৰু মহিলাসকলেও তেওঁলোকৰ জাতি বা ধৰ্ম নিৰ্বিশেষে ভুক্তভোগী হৈছে। এই পৰিস্থিতিটো ৰাজ্য আৰু কেন্দ্ৰীয় উভয় স্তৰত শাসনৰ বিফলতাৰ পোনপটীয়া ফলাফল। সম্পূৰ্ণৰূপে নিন্দনীয় বুলি সিঙে মন্তব্য কৰে। তাৎক্ষণিক পদক্ষেপ অপৰিহাৰ্য বুলি সতৰ্ক কৰি দি কেন্দ্ৰৰ হস্তক্ষেপ অবিহনে আৰু বিধায়কসকলৰ সামূহিক পদত্যাগকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে বুলি ইংগিত দিয়ে। ওক্ৰাম ইবোবি সিঙে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক প্ৰধানমন্ত্ৰী মোদীৰ সৈতে জৰুৰীভাৱে বৈঠকৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। অন্যথাই মণিপুৰৰ জনপ্ৰতিনিধিসকলে সমূহীয়া পদত্যাগ গ্ৰহণ কৰিব পাৰে বুলিও ইংগিত দিয়ে। ইপিনে দেশৰ মুখ্য বিৰোধী দল কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰ মণিপুৰক লৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তা ব্যক্ত কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এটা টুইট কৰি কয় যে গভীৰ অশান্তিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোয়ে হিংসাত জৰাজীৰ্ণ ৰাজ্যখন ভ্ৰমণ কৰি পুনৰ শান্তি ঘূৰাই অনা দিশত কাম কৰিব লাগে৷ ৰাহুল গান্ধীয়ে কয় যে মণিপুৰত শেহতীয়াকৈ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক সংঘৰ্ষ আৰু অব্যাহত থকা ৰক্তপাত গভীৰ অশান্তিকৰ। এবছৰতকৈও অধিক সময় বিভাজন আৰু দুখ-কষ্টৰে পাৰ কৰা ৰাজ্যখনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিলে সমাধান বিচাৰি পালেহেঁতেন বুলি প্ৰতিজন ভাৰতীয়ই আশা কৰিছিল৷ মই পুনৰবাৰ প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণ কৰি শান্তি আৰু হিংসাত্মক পৰিস্থিতি শাম কটোৱাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছো।’ ইপিনে বিজেপিৰ নেতা তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে তীব্ৰ আক্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ সুব্ৰমণিয়াম স্বামীয়ে এটা টুইট কৰি কয় যে ‘‘প্ৰধানমন্ত্ৰী নাইজেৰিয়ালৈ গৈছে কিন্তু মণিপুৰলৈ যোৱা নাই৷ য’ত নিৰীহ মহিলা আৰু শিশুসকলক হিন্দু হোৱাৰ বাবেই হত্যা কৰা হৈছে। হিন্দুত্ব মোদীৰ দ্বাৰা প্ৰচলিত আৰু আমাৰ দ্বাৰা ওকালতি কৰা হয় নেকি বুলিও প্ৰশ্ন কৰে স্বামীয়ে? মণিপুৰত বিজেপিৰ সংগ ত্যাগ কৰিছে মেঘালয়ৰ শাসকীয় দল এনপিপিয়ে৷ আজি মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপিৰ মুৰব্বী কনৰাড চাংমাই এই কথা প্ৰকাশ কৰিছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মণিপুৰৰ জাতিগত হিংসাৰ মোকাবিলা আৰু আইন-শৃংখলাৰ অৱনতিত অসন্তুষ্টি প্ৰকাশ কৰি মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। কনৰাড চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক দিয়া পত্ৰত উল্লেখ কৰিছে যে সাতজন বিধায়ক মিত্ৰজোঁটৰ পৰা আতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ সংকটৰ সময়ত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰাত ব্যৰ্থ হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত বুলি কয় কনৰাডে৷ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু সম্প্ৰদায়সমূহ ক্ষতিগ্ৰস্ত হৈছে। আমি দৃঢ়ভাৱে বিশ্বাস কৰো যে বৰ্তমানৰ নেতৃত্বই গুৰুত্বপূৰ্ণ সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা