অজগৰৰ দৰে গাহৰি ব্যৱসায় গ্ৰাস বহিৰাগতৰ, ৰাজপথত নামিবলৈ সাজু থলুৱা গাহৰি পালক

সদৌ অসম গাহৰি পালক সন্থাই দিছপুৰ প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি গাহৰি আমাৰ আৱেগ আৰু স্বাভিমান বুলি দোহাৰি কেতিয়াও অসমত গাহৰি পালন আৰু গাহৰিৰ বজাৰ থাইলেণ্ডৰ কোম্পানীক গতাই দিব নোৱাৰিব বুলি স্পষ্ট কৰে৷ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি বিদেশী বণিয়াক গাহৰি পালনৰ ক্ষেত্ৰখন গতাবলৈ পশুপালন বিভাগটো অতুল বৰাৰ হাতৰ পৰা কাঢ়ি নি কৃষ্ণেন্দু পালক দিয়া হৈছে বুলি দাবী কৰিছে৷ সদৌ অসম গাহৰি পালক সন্থাৰ সাধাৰণ সম্পাদক ভাৰত সন্দিকৈ, মুখ্য উপদেষ্টা প্ৰণৱ বৰগোহাঁই, কোষাধ্যক্ষ পদুম গিৰি, মুখপাত্ৰ বিতুপন গগৈয়ে সংবাদমেল সম্বোধন কৰি থলুৱাৰ হাতত থকা গাহৰি পালন ব্যৱস্থা বিদেশী বণিয়াক গতাব খোজাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ যদি চৰকাৰে পুঁজিপতিক গাহৰি পালনৰ ক্ষেত্ৰ গতাব খোজাৰ সিদ্ধান্ত সলনি নকৰে তেন্তে ৩১ জানুৱাৰীৰ পিছত থলুৱা গাহৰি পালকসকল ৰাজপথতত নামিবলৈ সাজু বুলি হুংকাৰ দিয়ে৷ ৩১ জানুৱাৰীৰ পূৰ্বে ৰাজ্য চৰকাৰে থাইলেণ্ডৰ ব্যৱসায়ী গোষ্ঠীক গাহৰি পালন আৰু ব্যৱসায় গতাই দিয়াৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত বাতিল নকৰিলে ৩১ জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিখন গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিছে৷ সদৌ অসম গাহৰি পালক সন্থাৰ সাধাৰণ সম্পাদক ভাৰত সন্দিকৈয়ে অসম চৰকাৰে কেতিয়াও থলুৱা গাহৰি পালকক সহায় নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ভাৰত সন্দিকৈয়ে কয় যে অসমৰ গাহৰি পালন আৰু ব্যৱসায় শ-শ থলুৱাৰ জীৱন নিৰ্বাহৰ সম্বল বুলি দাবী কৰে৷ শ-শ যুৱক-যুৱতীয়ে গাহৰি পালনৰ দ্বাৰা স্বাৱলম্বী হৈছে৷ পালকসকলৰ বিভিন্ন সমস্যা আছে৷ সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক অৱগত কৰি অহা হৈছে৷ স্বনিয়োজনৰ সম্ভাৱনা থকা এই ব্যৱসায়ক চৰকাৰৰ পশুপালন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আক্ষেপ কৰে৷ থলুৱা গাহৰি ব্যৱসায়ী, পালকৰ বাবে আজি একো চিন্তা নকৰিলে৷ এনে সময়ত থলুৱাৰ গাহৰি ব্যৱসায় বহিৰাগতক গটাই দিয়াৰ কূট-কৌশল ৰচনা কৰা হৈছে৷ থাইলেণ্ডৰ পুঁজিপতি গোষ্ঠীক গটাব খুজিছে৷ গাহৰি ব্যৱসায় গটাবৰ বাবেই অতুল বৰাৰ পৰা পশুপালন বিভাগটো কাঢ়ি নি অনা-অসমীয়া কৃষ্ণেন্দু পালক দিয়া হৈছে৷ পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে থাইলেণ্ডলৈ গৈ হঠকাৰী সিদ্ধান্ত লৈছে৷ অসমৰ গাহৰিৰ বজাৰ থাইলেণ্ডৰ কোম্পানীক গটাই দিব খুজিছে৷ এই ব্যৱসায়ত ১০ লাখ গাহৰি পালক-ব্যৱসায়ীৰ জীৱন-জীৱিকাৰ কথা জড়িত হৈ আছে৷ যিখন চুক্তি কৰিছে সেই চুক্তি যদি ৩১ জানুৱাৰীৰৰ ভিতৰত বাতিল নকৰে তেন্তে অসমৰ প্ৰান্তে প্ৰান্তে আন্দোলন কৰা হ’ব৷ যদি আন্দোলন কৰিব নালাগে তেন্তে এই চুক্তি আৰু থাইলেণ্ডৰ কোম্পানীক গাহৰিৰ ব্যৱসায় গতাই দিয়া বন্ধ কৰক- কয় ভাৰত সন্দিকৈয়ে৷ ইপিনে সংবাদমেলত উপস্থিত থকা মুখ্য উপদেষ্টা প্ৰণৱ বৰগোহাঁই সমগ্ৰ অসমবাসীক অন্ধকাৰত ৰাখি ব্যৱসায় গতোৱাৰ ব্যৱস্থা কৰা বুলি গুৰুতৰ অভিযোগ আনে৷ আমি পূৰ্বে ব্যৱসায় সন্থাৰ দাবী সমূহ উত্থাপন কৰি আহিছো৷ কিন্তু ব্যৱসায় সন্থাৰ দাবীসমূহ মানি লোৱা নাই৷ ইপিনে দাবী মানি নোলোৱা চৰকাৰখনে এই ব্যৱসায়টোকে বিদেশী কোম্পানীক গতাব খুজিছে৷ এই ব্যৱসায়ক আজি অজগৰ সাপে যেনেকৈ গ্ৰাস কৰে তেনেকৈ গ্ৰাস কৰিব ধৰিছে৷ ব্ৰইলাৰৰ ব্যৱসায়টো যেনেকৈ বহিৰাগত ব্যৱসায়ীক গতাই দিয়া হৈছে তেনেকৈ ব্ৰইলাৰৰ ব্যৱসায় বহিৰাগতক গতাব খুজিছে৷ থলুৱা মানুহৰ জীয়াই থকাৰ যি সম্বল সেই সম্বল ধ্বংস কৰিব খুজিছে৷ প্ৰণৱ বৰগোহাঁয়ে এটা কথা স্পষ্ট কৰি কয় যে যে আমি এডভাণ্টেজ আসামৰ বিৰোধ নকৰো৷ চৰকাৰে বিদেশী বিনিয়োগ আনক৷ নিবনুৱাৰ সংস্থাপন মুকলি হ’ব৷ কিন্তু ৰাজ্যৰ লাক লাক থলুৱা লোকৰ আহোম, তীৱা, কাৰ্বি, ৰাভা, কোঁচ, ডিমাচা, সোণোৱা কছাৰীসকলে জন্ম জন্মান্তত পৰা গাহৰি পালনৰ সৈতে জড়িত হৈ আছে৷ সকলো সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানত গাহৰি ব্যৱহাৰ হয়৷ গাহৰি অপৰিহাৰ্য অংগ৷ থলুৱা লোক জড়িত ক্ষেত্ৰখনক তেওঁলোক বিদেশী বিনিয়োগ কৰিবলৈ বিচাৰি পালে৷ গাহৰি পালনৰ সৈতে জড়িত ৯০ শতাংশ হিন্দু ধৰ্মাৱলম্বী৷ হিন্দুত্বৰ শ্ল’গান দিয়া, হিন্দুত্বৰ কথা কোৱা, বিশ্বগুৰু বুলি নিজকে জাহিৰ কৰা চৰকাৰখনে গাহৰি পালনৰ সৈতে জড়িত হিন্দুক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে৷ এয়া স্পষ্ট থলুৱা বিৰোধী৷ চৰকাৰে স্পষ্ট কৰক৷ তেওঁলোক হিন্দুত্বৰ সৈতে আছে নে বিদেশী বণিয়াৰ সৈতে আছে৷ যদি চৰকাৰে ভাবিছে আমাৰ বিষয়বোৰক উলাই কৰি ইচ্ছ্যূ ডাইভাৰ্ট কৰি চলি যাম৷ তেন্তে চৰকাৰে ভুল ভাবি আছে৷ এতিয়ালৈকে যিসমূহ প্ৰতিবাদী কাৰ্যসূচী লৈছো সেই এক আভাসহে আছিল৷ অনগাত দিনত আমাৰ প্ৰতিবাদী কাৰ্যসূচী জনগণৰ মাজলৈ লৈ যাম৷ এইখন চৰকাৰৰ যি জনগণ বিৰোধী সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ প্ৰতিখন গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰে সদৌ অসম গাহৰি পালক সন্থাই৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে