

অনুসূচিত জাতিৰ বৃদ্ধা দুলু দাস আৰু নাতিনীক হত্যাৰ প্ৰয়াস কৰা সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰাটো ৪৫ দিন লাগিল অসম আৰক্ষীৰ৷ ৪৫ দিনৰ মূৰকত বহিঃৰাজ্যত পলায়ন কৰি থকা গুণ্ডাৰ দলৰ চৰ্দাৰ সুৰজিৎ দে নামৰ দুষ্কৃতিকাৰীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হৈছে৷ অসমত উপ-নিৰ্বাচনৰ ধামখুমিয়াৰ মাজতে নগাঁও জিলাৰ অনুসূচিত জাতিৰ এটা দৰিদ্ৰ পৰিয়ালক হত্যা কৰি মাটি দখলৰ প্ৰয়াস কৰিছিল সন্দেহজনক দুষ্কৃতিকাৰী সুৰজিৎ দেয়ে৷ ঘটনা সংঘটিত কৰি পালয়ন কৰি আছিল যদিও অসম আৰক্ষীৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোনো গোপন স্থানৰ পৰা সুৰজিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অনুসূচিত জাতিৰ বৃদ্ধা দুলু দাস আৰু নাতিনীক হত্যাৰ প্ৰয়াস কৰাৰ কাণ্ডই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ নগাঁও আৰক্ষীয়ে সুৰজিতক ৰক্ষণা-বেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ ৰাইজৰ সহযোগত থানা ঘেৰাও, আৰক্ষী বিষয়া, ৰাষ্ট্ৰপতি, অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগক স্মাৰক প্ৰদান কৰিছিল যদিও বহু পমলকৈ হ’লেও আৰক্ষীৰ এটা দলে দুষ্কৃতিকাৰী সুৰজিৎ দেক পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নগাঁও আৰক্ষীৰ দলটোৱে পশ্চিমবংগত বাহৰ পাতি আছিল৷ পশ্চিমবংগ আৰক্ষীৰ সহাযোগত গোপন স্থানত অভিযান চলাই সুৰজিৎ দে’ক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে৷ কালি নিশা নগাঁও সদৰ আৰক্ষী থানালৈ অনা দেক নিশা থানাত ৰাখি ঘটনাক লৈ জেৰা কৰি বুলি জনা গৈছে৷ আজি নগাঁও সদৰ আৰক্ষীয়ে সুৰজিৎ দেক আদালতত হাজিৰ কৰাই জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে৷ নগাঁও জিলাৰ আমতল ডিমৰুগুৰিৰ ৭০ বছৰীয়া বৃদ্ধা দুলু দাস আৰু নাতিনীক হত্যাৰ প্ৰয়াস কৰিছিল দেৰ নেতৃত্বৰ গুণ্ডাবাহিনীয়ে৷ বিগত ১ নৱেম্বৰত ডিমৰুগুৰিৰ ৭০ বছৰীয়া বৃদ্ধা দুলু দাস আৰু নাতিনীয়ে অকলশৰে শুই থকাৰ সময়তে দলবদ্ধ আক্ৰমণ কৰিছিল৷ পূৰ্বৰে পৰা পৰিয়ালটোক ঘৰ-মাটি এৰি যাবলৈ ধমকি দি আছিল৷ কিন্তু ১ নৱেম্বৰত দুলু দাসক বৰ্বৰভাৱে প্ৰহাৰ কৰাত প্ৰায় ১০ দিন হাস্পতালত ভৰ্তি হৈ থাকিবলগীয়া হয়৷ কিন্তু চৰকাৰে খবৰ নল’লে আৰু দুৰ্বৃত্ত চিনাক্ত হোৱাৰ পিছতো আজিলৈ গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া নাছিল৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকক ৪ নৱেম্বৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷ ৫ নৱেম্বৰত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত নগাঁৱৰ সহ-আৰক্ষী অধীক্ষকে ৮ নৱেম্বৰৰ ভিতৰত দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ ৯ নৱেম্বৰত ইটাচালী আৰক্ষী থানা ঘেৰাও কৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ দাবী জনায়৷ ১১ নৱেম্বৰত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ বিভিন্ন সংগঠনে নগাঁও চহৰ বন্ধ ঘোষণা কৰিছিল৷ থানা ঘেৰাও, প্ৰতিবাদী সভা, আৰক্ষী সঞ্চালক প্ৰধান, আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদানৰ পিছতো আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱা নাছিল৷ ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোণোৱাল, তদন্তকাৰী বিষয়া সুমিত্ৰা শইকীয়াৰ বিৰুদ্ধে ৰাইজে দুষ্কৃতিকাৰী সুৰজিৎ দেক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ আনিছিল৷ ৰাইজ তথা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিষয়া অজিত সোণোৱাল, সুমিত্ৰা শইকীয়াক চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছিল৷ কিন্তু সুৰজিৎ দেক বিচাৰি উলিয়াব পৰা নাছিল আৰক্ষীয়ে৷ কিন্তু ৪৫ দিনৰ মূৰত আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যত সুৰজিৎ দে’ক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, ১ নৱেম্বৰৰ নিশা ডিমৰুগুৰিৰ অনুসূচিত জাতিৰ ৭০ বছৰীয়া দুলু দাস আৰু ১৩ বছৰীয়া নাতিনীক দলবদ্ধ আক্ৰমণ কৰি হত্যাৰ প্ৰয়াস কৰা হৈছিল। ১৩ বছৰীয়া নাতিনীক গণ ধৰ্ষণ কৰি ৰাস্তাত মৃতদেহ পেলাই থোৱাৰ ভাবুকি দিয়া হৈছিল৷ দুলু দাস আৰু নাতিনীক বৰ্বৰভাৱে প্ৰহাৰ কৰি তেওঁলোকে বসবাস কৰা থকা মাটিখিনি, ঘৰটো এৰি যাবলৈ ধমক দিছিল। দুৰ্বৃত্তই পূৰ্বৰে পৰা বৃদ্ধা আৰু নাতিনীক মানসিক-শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল৷ শিলগুটি নিক্ষেপ, বৃদ্ধাৰ চৌহদত জাৱৰ পেলোৱা, জুপুৰীটোৰ বেৰ ভাঙি নিৰ্যাতন চলাই আহিছে৷ বিভিন্ন সময়ত বৃদ্ধাক ভূমিখিনি এৰি যাবলৈ ভাবুকি দি আহিছিল৷ ইপিনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অসম অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ অভিযোগ আনি ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ হস্তক্ষেপ দাবী কৰি পৃথকে পৃথকে স্মাাৰক পত্ৰ প্ৰদান কৰিছিল৷ ইপিনে ১১ নৱেম্বৰত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক এই ঘটনা অৱগত কৰি শীঘ্ৰে হস্তক্ষেপৰ দাবী জনাইছিল৷ ১ নৱেম্বৰৰ ডিমৰুগুৰিৰ অনুসূচিত জাতিৰ ৭০ বছৰীয়া বৃদ্ধা দুলু দাস আৰু ১৩ বছৰীয়া নাতিনীক দলবদ্ধ আক্ৰমণ, ১৫ নৱেম্বৰক জমেটত ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক ৰাজহুৱা স্থানত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা হত্যাৰ প্ৰয়াস কৰাৰ অভিযোগ আনি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰি ঘটনাক লৈ তাৎক্ষণিক হস্তক্ষেপ কৰি অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ কৈছিল সংগঠনটোৱে৷