অনুসূচিত জাতিৰ লোকক প্ৰেছাৰ কুকাৰ-টিভি-পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটিৰ দুৰ্নীতি

ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পিছপৰা আৰু আৰ্থিকভাবে দুৰ্বল অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে৷ কিন্তু আঁচনিসমূহ ৰূপায়নৰ পাছতো অনুসূচিত জাতিৰ লোকসকল লাভৱান হ’ব পৰা নাই৷ এই অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত প্ৰায় ১৪০ কোটি টকাৰ ঘোটালা সংঘটিত হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতে নাৰাজ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে শীঘ্ৰে এই দুৰ্নীতিৰ তদন্ত ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অন্যথাই ১২ আগষ্টৰ ভিতৰত জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে৷

জানিব পৰা মতে, অনুসূচিত জাতিৰ লোকৰ মাজত প্ৰেছাৰ কুকাৰ, টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদান সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ৰূপায়ন কৰা এই আঁচনিৰ ধন ঠিকাদাৰক মুকলি কৰি দিয়া হৈছে যদিও আজিলৈ হিতাধিকাৰীয়ে সামগ্ৰী লাভ কৰা নাই৷ কিছু সংখ্যক হিতাধিকাৰীয়ে এই সামগ্ৰী লাভ কৰিছে যদিও সেয়া অতি নিম্নমানৰ আৰু ব্যৱহাৰৰ উপযোগী নহয়৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ বিভিন্ন সমিতিয়ে চৰজমিন তদন্ত মৰ্মে এই তথ্য লাভ কৰা বুলি দাবী কৰিছে দাসে৷

সভাপতি দাসে আৰু কয় যে আমি লাভ কৰা তথ্য মতে, প্ৰেছাৰ কুকাৰ, টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ত প্ৰায় ১৪০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে৷ কাৰ্যালয়টোৰ একাংশ বিষয়াৰ ঘনিষ্ঠ ঠিকাদাৰক প্ৰতিবাৰে ঠিকা প্ৰদান কৰি এনেদৰে দুৰ্নীতি সংঘটিত কৰি গৈছে৷ যাৰ ফলত দশকৰ পাছক দশক ধৰি আৰ্থ-সামাজিকভাবে পিছপৰা অনুসূচিত জাতিৰ লোকসকল আঁচনিৰ দ্বাৰা উপকৃত হ’ব পৰা নাই৷ তদন্ত মৰ্মে এনে দুৰ্নীতিৰ সংঘটিত কৰা লোকসকলক চিনাক্তও কৰা নহয়৷

মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত স্মাৰক পত্ৰ কৰি তদন্ত দাবী উত্থাপন কৰা হ’ব বুলি উল্লেখ কৰি সঞ্জীৱ দাসে কয় যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত প্ৰেছাৰ কুকাৰ, টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত ঘোষণাৰ দাবী জনাম৷ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা গঠিত বিশেষ তদন্ত সমিতিৰ দ্বাৰা তদন্ত কৰিলে এই কেলেংকাৰীৰ সকলো জলজলপটপট হৈ পৰিব৷ দুৰ্নীতিত লিপ্ত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিষয়া আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰক৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক