মণিপুৰত মানৱীয় সংকটে দেখা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছে৷ বিজেপি শাসিত ৰাজ্যখনক ১৭ মাহ ধৰি অব্যাহত থকা সাম্প্ৰদায়িক হিংসাৰ ঘটনা কিছু কমিছিল যদিও পুনৰ বিগত এটা সপ্তাহত ভয়াবহ পৰিৱেশৰ সূচনা হোৱাত আতংকই বিৰাজ কৰা মণিপুৰত মানৱীয় সংকটে দেখা দিয়াৰ গুৰুতৰ অভিযোগ আনিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছে৷ মণিপুৰ পুনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে মণিপুৰ কংগ্ৰেছৰ এটা সজাতি দলে অসম-মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যক গুৱাহাটীৰ ৰাজভৱনত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ চিভিল চ’ছাইটিয়ে ২৪ ঘণ্টীয়া মণিপুৰ বন্ধ দিয়াৰ সময়তে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কৈছাম মেঘচন্দ্ৰ সিং, বিৰোধী দলপতি অকৰাম ইববি সিংসহ ছয়গৰাকী বিধায়কে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে৷ স্মাৰক পত্ৰ যোগে অনতি বিলম্বে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যপালক হস্তক্ষেপ দাবী জনাই কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে৷ শেহতীয়াকৈ জিৰিবাম জিলাত ১১ বিদ্ৰোহী নিহত হোৱাৰ লগতে শিশু-মহিলাসহ ৬ গৰাকীকৈ লোকক অপহৰণ কৰিছে বিদ্ৰোহীয়ে৷ জিৰিবাম জিলাৰ কেঁচুৱা-শিশু-মহিলাসহ ৬ গৰাকীকৈ লোকক অপহৰণ কাণ্ডৰ কথা স্মাৰকত উল্লেখ কৰি কংগ্ৰেছে কয় যে জিৰিবাম জিলাত বহু মানুহৰ প্ৰাণ গৈছে৷ ইয়াৰ মাজতে ১০ মহীয়া কেঁচুৱা, আঢ়ৈ বছৰীয়া শিশুসহ ছয়গৰাকী মহিলাক অপহৰণ কৰাৰ ৪৮ ঘণ্টাৰ পিছতো শুংসূত্ৰ উদ্ধাৰ কৰিব পৰা নাই৷ কংগ্ৰেছে তীব্ৰ ক্ষোভ ব্যক্ত কৰি কেঁচুৱাসহ ছয়গৰাকী লোকক শীঘ্ৰে মুকলি কৰি আনিবলৈ দাবী জনাইছে৷ অস্ত্ৰধাৰী কব্জাৰ পৰা শীঘ্ৰে উক্ত লোককেইজনক উদ্ধাৰৰ বাবে অভিযান চলোৱাৰ লগতে ৰাজ্যপালক পৰিস্থিতি নিয়ন্ত্ৰণত হস্তক্ষেপ কৰিবলৈ দাবী জনায়৷ লগতে মণিপুৰৰ কেঁচুৱা, শিশু, মাতৃক সুৰক্ষা দিবৰ বাবে অতিৰিক্ত বাহিনী নিয়োগ কৰিবলৈ দাবী উত্থাপন কৰিছে কংগ্ৰেছে৷ আনহাতে, মণিপুৰৰ নাগৰিক সমাজে চৰকাৰক সাত দিনৰ সময়সীমা বান্ধি দি ৰাজ্যখনত সংঘৰ্ষ ৰোধৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ স্থানীয় ৰাজনৈতিক দলৰ নেতাসকলক ৭ দিনৰ সময়সীমা বান্ধি দিছে৷ অন্যথাই ৰাজনৈতিক বয়কট কৰাৰ সিদ্ধান্ত লয়৷ দাবী পূৰণ নকৰিলে গণ আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছে ১৩টা সংগঠনে৷ সংগঠনৰ প্ৰতিনিধিসকলে মণিপুৰৰ ৰাজ্যপালক এখন স্মাৰকপত্ৰ প্ৰদান কৰি ছয়টা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে৷ ১৩টা সংগঠন সতৰ্ক কৰি দি কয় যে এসপ্তাহৰ ভিতৰত দাবীবোৰক লৈ কাম কৰক৷ দাবী পূৰণ কৰাত ব্যৰ্থ হ’লে ৰাজনৈতিক নেতাসকলৰ পৰা সমৰ্থন প্ৰত্যাহাৰ হ’ব৷ মণিপুৰৰ জনসাধাৰণৰ বৰ্ধিত হতাশাৰ কথা উল্লেখ কৰি যিসকলে অনুভৱ কৰে যে ৰাষ্ট্ৰীয় দলসমূহে ৰাজ্যখনৰ নিৰাপত্তা আৰু কল্যাণৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই৷ মণিপুৰৰ বৰ্তমানৰ সংকট, জাতিগত হিংসা, নিয়ন্ত্ৰণহীন উগ্ৰপন্থী কাৰ্যকলাপ, আৰু আইন-শৃংখলাৰ অৱনতি ৰোধৰ ব্যৱস্থা কৰক চৰকাৰে৷ ১২ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ সন্ধিয়া ৬ বজালৈ মণিপুৰত নিমাওমাও পৰিৱেশ দেখা গৈছে৷ দোকান-পোহাৰ, যান-বাহনৰ চলাচল বন্ধ থাকে৷ জৰুৰী ব্যৱস্থাৰ বাহিৰে সম্পূৰ্ণ জৱজীৱন স্তদ্ধ হৈ পৰিছে সমগ্ৰ মণিপুৰত৷ ১৩ নাগৰিক সংগঠনে ২৪ ঘণ্টীয়া মণিপুৰ ৰাজ্য বন্ধৰ ঘোষণা কৰিছিল৷ কেঁচুৱাসহ ৬গৰাকী লোকক অপহৰণৰ পাছতে সমগ্ৰ মণিপুৰ ৰাজ্য বন্ধ ঘোষণা কৰিছিল৷ সন্দেহযুক্ত উগ্ৰপন্থীয়ে ৰাজ্যখনৰ জিৰিবাম জিলাৰ বড়োবেক্ৰা আৰক্ষী থানাত আক্ৰমণ কৰাৰ কিছুসময় পাছতে এক কেঁচুৱা, এটা শিশু, এক কিশোৰী আৰু তিনি মহিলাসহ ছয়গৰাকী লোকক অপহৰণ কৰিছে৷ উগ্ৰপন্থীৰ দলটোৱে আৰক্ষী থানাত আক্ৰমণৰ পাছতে কেঁচুৱা-শিশুসহ ছয়গৰাকী মহিলা নিৰুদ্দেশ হয়৷ বিভিন্ন অঞ্চলত সশস্ত্ৰ কুকি উগ্ৰপন্থীয়ে নিৰ্মম আক্ৰমণ, হত্যাকাণ্ড, অপহৰণ কাণ্ড সংঘটিত কৰাত আৰু চৰকাৰে হিংসা বন্ধ কৰাত বিফল হোৱাৰ অভিযোগত ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিল৷ ইণ্টাৰনেচনেল পিচ এণ্ড ছ’চিয়েল এডাভচমেণ্ট, পিপলছ একচন ফৰ নেচনেল ডেমক্ৰেটিক মুভমেণ্ট, আৰু কাংলেইপাক লামজিং অপুনবা মীৰা পাইবি লুপকে ধৰি একডজন সংগঠনে হিংসাৰ মোকাবিলা কৰাত ৰাজ্য চৰকাৰ বিফল হৈছে বুলি কৈ আৰু ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে। জিৰিবামৰ মেইটেই সংস্থা জিৰি অপুনবা লুপে দাবী কৰা মতে, সন্ধানহীন হোৱা ছয়জন ব্যক্তি একেটা পৰিয়ালৰ। তেওঁলোক হৈছে য়ুমৰেম্বাম ৰাণী দেৱী (৬০), তেলেম থইবি দেৱী (৩১) তেওঁৰ জীয়ৰী তেলেম থাজামানবি দেৱী (৮), লাইশ্ৰাম হেইথোইবি দেৱী (২৫) আৰু তেওঁৰ দুই সন্তান লাইশ্ৰাম চিংখেইঙ্গানবা সিং (আঢ়ৈ বছৰীয়া) আৰু লাইশ্ৰাম লামংবা সিং (১০ মাহ)। ১১ উগ্ৰপন্থী নিহত হোৱাৰ পাছতে অপহৰণ কাণ্ড সংঘটিত হৈছে৷ সাম্প্ৰদায়িক হিংসাত জৰৰ্জৰিত মণিপুৰত জিৰিবাম জিলাৰ চিআৰপিএফৰ এটা শিবিৰত আক্ৰমণ কৰিছিল কুকি উগ্ৰপন্থীয়ে। দুয়োপক্ষৰ মাজত হোৱা যুঁজত ১১ কুকি উগ্ৰপন্থী নিহত হয় আৰু চিআৰপিএফৰ এজন জোৱান আহত হৈছিল। সোমবাৰে প্ৰথমে জিৰিবাম জিলাৰ বড়োবেক্ৰা অঞ্চলৰ উগ্ৰপন্থীয়ে বহু আৱাস গৃহত অগ্নিসংযোগ কৰি বড়োবেক্ৰা আৰক্ষী থানাক লক্ষ্য কৰি লয়। উগ্ৰপন্থীয়ে চিআৰপিএফ শিবিৰত আক্ৰমণৰ চেষ্টা চলোৱাত দুয়োপক্ষৰ সংঘৰ্ষত ১১ উগ্ৰপন্থী নিহত হৈছিল।
গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক
গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…