অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। য’ত সকলো ৰাজনৈতিক দলৰ শীর্ষ নেতাসকল উপস্থিত থাকে।

উক্ত বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামণ, বৈদেশিক ব্যৱহাৰ মন্ত্ৰী ড॰ এছ. জয়শংকৰ, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দ্যোপাধ্যায়, ডিএমকে নেতা টি. আৰ. বালু আৰু বিভিন্ন দলৰ নেতাসকলে অংশ লয়।

ৰাজনীতি নহয়, ৰাষ্ট্ৰ মূল লক্ষ্য

বৈঠকৰ পিছত সংসদীয় বিষয়ক মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমক জনায়, “চৰকাৰে সকলো দলক অপাৰেশ্যন সেন্দূৰ সম্পৰ্কে বিস্তাৰিতভাৱে অৱগত কৰিছে। সকলো দলেই সেনাবাহিনীক অভিনন্দন জনাইছে আৰু গঠনমূলক পৰামৰ্শ আগবঢ়াইছে।”

তেওঁ কয়, “এই সময়ত সকলো নেতাই বুজি পাইছে যে ই ৰাজনীতি কৰাৰ সময় নহয়। ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্টকৈ কয়, ‘আমাৰ ৰাজনীতি চৰকাৰ গঠন কৰিবলৈ নহয়, ৰাষ্ট্ৰ গঠন কৰিবলৈ।’”

বিপক্ষৰ দ্ব্যর্থহীন সমৰ্থন, যদিও প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত খাৰ্গেৰ প্ৰশ্ন

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে সংবাদ মাধ্যমত কয়, “অপাৰেশ্যনৰ কেইটামান গুৰুত্বপূর্ণ দিশ চৰকাৰে আমাক সদৰি কৰিছে, কিন্তু ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত সকলো তথ্য প্ৰকাশ কৰিব নোৱাৰি।” তেওঁ লগতে কয়, “এই কঠিন সময়ত আমি চৰকাৰক আশ্বাস দিছোঁ যে ৰাষ্ট্ৰীয় স্বাৰ্থত আমি সকলো একত্ৰিতভাৱে চৰকাৰৰ সৈতে আছোঁ।”

তেওঁ আন এক মন্তব্যত কয়, “নৰেন্দ্ৰ মোদী এই বৈঠকখনত অনুপস্থিত আছিল। হয়তো তেওঁ ভাবিছে তেওঁ সংসদৰ ওপৰত। যদিও এতিয়া সমালোচনাৰ সময় নহয়।”

ৰাহুল গান্ধীৰ সমৰ্থন, ওৱাইছীৰ কূটনৈতিক আহ্বান

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী কয়, “আমি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ, আৰু খাৰ্গে জীয়ে যি কৈছে সেয়া সঠিক। কিছুমান কথা আলোচনা কৰিব নালাগে, এইটো সকলো বুজিছে।”

AIMIM নেতা আসাদুদ্দিন ওৱাইছী অপাৰেশ্যনৰ প্ৰশংসা কৰি চৰকাৰে কূটনৈতিক মঞ্চতো তৎপৰ হোৱাৰ আহ্বান জনায়। তেওঁ কয়, “TRF (The Resistance Front)ক ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাই সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা উচিত। ২০২৫ৰ ফেব্ৰুৱাৰীত হাফিজ ছইদৰ পুত্ৰ হাফিজ আব্দুল ৰউফে PoK-ত বছৰৰ জিহাদ চলোৱাৰ ঘোষণা কৰিছিল।”

কাশ্মীৰবাসীৰ বাবে সহানুভূতি আৰু সহায়ৰ দাবী

ওৱাইছীয়ে কয়, “পুঞ্চত যিসকল নিৰীহ লোকে প্ৰাণ হেৰুৱালে, তেওঁলোকক সন্ত্ৰাসবাদৰ বলি হিচাপে স্বীকৃতি দিয়া হ’ক। চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ আৰু ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব।”

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    পেহেলগামত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে মঙলবাৰে মাজনিশা ভাৰতীয় সেনাই ‘সেন্দূৰ’ অভিযানৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত লক্ষ্য কৰি মিছাইল আক্ৰমণ চলায়। এই আক্ৰমণত জৈশ-ই-মহম্মদ (JEM)ৰ মুখ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ