অমানৱীয়! ধিঙত টিউচনলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গ’ল ৩ দুৰ্বৃত্তই, ধিং বন্ধ ঘোষণা আছুৰ

গুৱাহাটীঃ কলকাতাৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত জঘন্য কাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ অসম মুলুকত যৌন নিৰ্যাতনৰ বলি হ’ল আন এগৰাকী ছাত্ৰী। নগাঁৱৰ ধিঙত এগৰাকী কিশোৰী ছাত্ৰীক ধৰ্ষণ কৰি ৩ দুৰ্বৃত্তই পেলাই থৈ গ’ল পথৰ দাঁতিত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সজোৰে উঠিছে প্ৰতিবাদৰ জোৱাৰ।

নাবালিকাৰ সৈতে ধিঙত সংঘটিত এই দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে অৰ্নিদিষ্টকালীন ধিং বন্ধ ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

জানিব পৰা মতে, এই অমানৱীয় কাণ্ড সংঘটিত হৈছে ধিঙৰ ভকতগাঁৱত। দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে সন্ধিয়া টিউচনৰ পৰা উভতি অহাৰ সময়তে ৩ দুৰ্বৃত্তই বলপূৰ্বক ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। ইফালে পিছত একাংশ স্থানীয় লোকে পথৰ দাঁতিত উলংগ অৱস্থাত কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নাবালিকাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

এই ঘটনাৰ পিচতে ধিঙত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। কলকাতা কাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ধিঙত সংঘটিত এই ধৰ্ষণকাণ্ডই পুনৰ এবাৰ মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ধিঙৰ মাজমজিয়াত ফুট গধূলি সংঘটিত এই ধৰ্ষণকাণ্ডৰ পিচতে স্থানীয় সংগঠন আৰু ৰাইজ উত্তেজিত হৈ পৰে। নিশা সদৌ অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় একাংশ লোকে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

কেৱল এয়াই নহয় নিশাৰ ভিতৰতে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে। একেদৰে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত ধিং বন্ধৰো ঘোষণা কৰে আছুৱে। আছুৱে ঘোষণা কৰা মতে এই সময়ছোৱাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব। যান-বাহনৰ চলাচলো বন্ধ থাকিব। ইফালে নগাঁও আৰক্ষীয়ে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈ আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে