অলিম্পিকত থমকিল লাভলীনাৰ যাত্ৰা, পদক জয়ৰ পৰা বঞ্চিত অসম কন্যা

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত যাত্ৰা থমকি ৰ’ল অসম কন্যা লাভলীনা বৰগোঁহাইৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত দেওবাৰে মহিলাৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে স্তব্ধ হৈ পৰে অলিম্পিকত অসমৰ বক্সাৰ গৰাকীৰ পদক জয়ৰ আশা।

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনত চীনৰ লি কিয়ানৰ হাতত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।

লক্ষণীয় যে, অলিম্পিকত লাভলীনাৰ যাত্ৰাৰ অন্ত পৰিলেও অৱশ্যে বৰ্তমানো অব্যাহত আছে ভাৰতৰ পদক জয়ৰ অভিযান। দেওবাৰে গ্ৰেট ব্রিটেইনৰ বিৰুদ্ধে ১-১ (শ্বুটআউটত ৩-২) গ’লত ৰোমাঞ্চকৰ জয়ৰ পাছত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দলটোৱে।

একেদৰে অলিম্পিকৰ আন আন ইভেণ্টত শ্বুটাৰ বিজয়বীৰ সিদ্ধু আৰু অনিশ ভানৱালাই ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল পুৰুষৰ অৰ্হতাত আশাব্যঞ্জক আৰম্ভণি কৰি প্ৰথম পৰ্যায়ত ক্ৰমে পঞ্চম আৰু সপ্তম স্থান দখল কৰে।

  • Related Posts

    বাপুকণ ট্ৰফী নৈশ ফুটবল উদ্বোধন ছফি জামাল হুছেইনৰ

    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ…

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে