
ডিজিটেল ডেস্ক: ছাত্ৰীক অপত্তিজনক ভিডিঅ’ দেখুৱাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন বিদ্যালয় শিক্ষকক। মহাৰাষ্ট্ৰৰ আলোকাৰ এখন চৰকাৰী বিদ্যালয়ৰ ৬ গৰাকী ছাত্ৰীয়ে শিক্ষকজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষকজনক।
ধৃত বিদ্যালয় শিক্ষকজনক আলোকাৰ কাজিখেৰস্থিত জিলা পৰিষদ বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰমোদ মনোহৰ চৰ্দাৰ (৪৭) বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি এই শিক্ষকজনে বিদ্যালয়খনৰ ৬ গৰাকী ছাত্ৰীক অশ্লীল আৰু অপত্তিজনক ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাই যৌন অতিশয্যা চলাই আহিছিল। বিগত চাৰি মাহ ধৰি শিক্ষকজনৰ এনে নিৰ্যাতনৰ বলি হৈ অৱশেষত এই বিষয়ে অভিভাৱকক অৱগত কৰে ছাত্ৰী কেইগৰাকীয়ে। ইয়াৰ পিছতে অভিভাৱক সকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত শিক্ষকজনক।