অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ছিংগলছত চেম্পিয়ন চিনাৰ

পুনৰ খিতাপ দখলৰ স্বপ্ন ভংগ হ’ল টেনিছ তাৰকা আলেকজেণ্ডাৰ ঝভেৰেভৰ। বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা জনিক চিনাৰৰ দুৰ্দান্ত প্ৰদৰ্শনত পৰাজয় স্বীকাৰ কৰে ঝভেৰেভে। শনিবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ছিংগলছত ঝভেৰেভক ৬-৩, ৭-৬(৪), ৬-৩ স্ক’ৰত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ খিতাপ দখল কৰে জনিক চিনাৰে। উল্লেখ্য যে, এয়া হৈছে তেওঁৰ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম জয়। মেচ আৰম্ভ হোৱাৰ পৰাই চিনাৰে অতি উত্তম ফৰ্ম দেখুৱায়। খেলৰ মাজত ঝভেৰেভে প্ৰত্যাৱৰ্তন ঘটাই যদিও শেষত ইটালীৰ তাৰকাগৰাকীয়ে একেৰাহে তিনিখন খেলত জয়লাভ কৰি প্ৰথম ছেটটো ৬-৩ স্ক’ৰত দখল কৰে। উল্লেখ্য যে, ছেমিফাইনেলত ন’ভাক জ’কভিচৰ আঘাতৰ বাবে ৱাক অভাৰ লাভ কৰি ঝভেৰেভে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে ফাইনেলত চিনাৰৰ উৎকৃষ্ট ফৰ্মৰ সন্মুখত ধৰাশায়ী হয় ঝভেৰেভ। ইফালে, তিনিখন গ্ৰেণ্ড শ্লেম ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো ঝভেৰেভে এতিয়াও পূৰ্ণ কৰিব পৰা নাই খিতাপ জয়ৰ সপোন। ইয়াৰ বিপৰীতে, পুনৰ এবাৰ গ্ৰেণ্ড শ্লেম দখল কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে চিনাৰে। ইটালীৰ তাৰকাগৰাকীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ লাভ কৰি পুনৰবাৰ নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে