অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থাঃ মনোজ চৌহান

অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থা চলিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক-সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে৷ এই নিৰ্যাতন বন্ধ কৰিবৰ বাবে কংগ্ৰেছ দলে জনতাৰ ওচৰলৈ সংগ্ৰাম কঢ়িয়াই লৈ যাব৷ আজি নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয়৷ কংগ্ৰেছ নেতা চৌহানে কয় যে হিমন্ত বিশ্ব শৰ্মাই সকলো পক্ষৰ ওপৰত এতিয়া হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিছে৷ ক্ষমতাৰ ৰাগীত মুখ্যমন্ত্ৰী জনে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে৷ তেওঁ যিমানে হেঁচা প্ৰয়োগ কৰিব তাৰ ওলোটা প্ৰতিক্ৰিয়া হ’বই আৰু ২০২৬ চনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ ওফৰাই দিব৷ চৌহানে কয় যে এক্স হেণ্ডলত গ্ৰোক নামৰ এপছটোত ভাৰতৰ আটাইকেইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম আহে৷ হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে ভাৰতত গ্ৰোক এক্স হেণ্ডল বন্ধ কৰক আৰু এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সাহস দেখুওৱাক৷ চৌহানে কয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক প্ৰক্ৰিয়াবোৰক ভয় কৰে৷ অসম বিধানসভাত বিজেপিৰ এজন বিধায়কে বিৰোধিৰ বিধায়কক আক্ৰমণ কৰিবলৈ খেদি যোৱাৰ পিছতো বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ অসমৰ সাংসদ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে তেওঁৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলালে৷ নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দিন-দুপৰতে আক্ৰমণ চলিল৷ গোগামুখত কংগ্ৰেছ কৰ্মীৰ ওপৰত নিৰ্যাতন চলিল৷ আৰু এতিয়া ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলোৱাৰ হুছেইনক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে৷ আইন হাতত তুলি লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ নীতি হৈ পৰিছে বুলি উল্লেখ কৰি চৌহানে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি বহু দিন পূৰ্বেই আখ্যা দি থৈছিল৷ আৰু আজি সেই কথা প্ৰমাণিত হৈছে৷ দেশৰ সংবিধান সলনি কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰি লোকসভাত ৪০০ খন আসন লাভ কৰাৰ যি পৰিকল্পনা কৰিছিল সেয়া জনতা নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত সম্ভৱ হৈ নুঠিল আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে সংবিধান শিৰত ল’বলগীয়া হ’ল৷ কংগ্ৰেছ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ সকলো তথ্য লৈ ৰাইজৰ ওচৰলৈ লৈ যাব বুলি উল্লেখ কৰি কয় যে অপৰাধৰ তথ্য লুকুৱাবৰ বাবে এইখন চৰকাৰে থানাসমূহত গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰতো বাধ্যবাধকতা সৃষ্টি কৰিছে৷ বহু আৰক্ষী থানাই গোচৰ ৰুজু নকৰাৰ অভিযোগ আছে৷ তৎস্বত্বেও এনচিআৰবিৰ তথ্যত অসমত মহিলাৰ ওপৰত চলা নিৰ্যাতন দেশৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰে৷ দেশৰ আইন শৃংখলাৰ পৰিস্থিতি বেয়া হােৱাৰ বাবে আমেৰিকা-অষ্ট্ৰেলিয়া, কানাডাকে ধৰি ছয়খন বিদেশী ৰাষ্ট্ৰই অসম ভ্ৰমণ সুৰক্ষিত নহয় বুলি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে সদনত তথ্য দাখিল কৰা বুলিও চৌহানে উল্লেখ কৰে৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা উপস্থিত থাকে৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ