অসমত ১৮ খন জিলাত একেলগে মকড্ৰিল, আকাশত বাজি উঠিল ছাইৰেন

ৰাজ্যৰ ১৮ খন জিলাত আজি বিয়লি ৪ বজাৰ সময়ত একেলগে মকড্ৰিল (সামৰিক অভ্যাস) অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ লগতে অসমতো ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি এই মকড্ৰিল সম্পন্ন কৰা হয়।

ভাৰতীয় সেনাই ৬ মে’ নিশা পাকিস্তান অধিকৃত কাশ্মীৰত এয়াৰ ষ্ট্ৰাইক চলোৱাৰ পিছতেই ৭ মে’ৰ বাবে স্থিৰ কৰা মকড্ৰিল  কৰা হয়। নিশা ১ বজাৰ পৰা ১.৩০ বজালৈ অনুষ্ঠিত এই অপাৰেশ্যন সেন্দূৰত পাকিস্তানৰ ৯টা স্থলত এয়াৰ ষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদীৰ স্থাপনাত আক্ৰমণ চলোৱা হয়।

অসমত অনুষ্ঠিত মকড্ৰিলত গুৱাহাটী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, দৰং, নুমলীগড়, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰ অন্তৰ্ভুক্ত আছিল।

এই মকড্ৰিলত ভাৰতীয় সেনাৰ উপৰিও অসম আৰক্ষী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এনচিচি, স্বাস্থ্য বিভাগ, অসামৰিক বিভাগ, এছডিআৰএফ আৰু বিভিন্ন ৰাজনৈতিক ব্যক্তিত্বে অংশগ্ৰহণ কৰে। ৰঙিয়া ৰেল ষ্টেশনত দিলীপ শইকীয়া আৰু বিধায়ক ভৱেশ কলিতাই উপস্থিত থাকিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত ভোটদান কৰি মকড্ৰিলৰ বিষয়ে প্রতিক্ৰিয়া দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, “অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। এই পৰিস্থিতিত সকলো ভাৰতীয়য়ে একতা বজাই ৰাখি সেনা আৰু চৰকাৰৰ সৈতে থিয় হ’ব লাগিব।”

তেওঁ লগতে কয় যে সময়-সময়ত এনে মকড্ৰিল অনুষ্ঠিত হোৱা উচিত। বহুদিন ধৰি অসমত এনে অভ্যাস কৰা হোৱা নাছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, দেশজুৰি যিকোনো আকস্মিক যুদ্ধ পৰিস্থিতিত নাগৰিকসকলক সজাগ আৰু সুৰক্ষিত ৰাখিবলৈ এই ধৰণৰ মকড্ৰিল অতি জৰুৰী বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ