অসমৰ ইতিহাসত সৰ্ববৃহৎ বিনিয়োগ, জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীঃ অসমৰ ঔদ্যোগিক খণ্ডত বৃহৎ বিনিয়োগৰ অংশ হিচাপে শনিবাৰে মহানগৰীৰ সমীপৱৰ্তী জাগীৰোডত সম্পন্ন হয় টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পটোৰ ভূমি পূজন কৰাৰ পিছত টাটা গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমত এক ঔদ্যোগিক বিপ্লৱৰ প্ৰয়োজন আছিল। আৰু সেই ঔদ্যোগিক বিপ্লৱক আগবঢ়াই অসমত টাটা গ্ৰুপে বৃহৎ বিনিয়োগ কৰিছে।

জাগীৰোডত আৰম্ভ হোৱা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ অসমৰ বাবে এক মাইলৰ খুঁটি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে টাটা ছন্সৰ সঞ্চালকৰ অসমৰ প্ৰতি এক সুন্দৰ ধাৰণা আছে। ১৫ বছৰ আগৰ পৰাই চন্দ্ৰশেখৰণে অসমৰ হৈ কাম কৰি অহা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় য়ে এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে অসমত এহেজাৰ শিক্ষাৰ্থীক টাটা গ্ৰুপে প্ৰশিক্ষণ দিব আৰু শিক্ষাৰ্থীসকলে প্ৰশিক্ষণৰ অন্ততত প্ৰকল্পটোতে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব। ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমৰ ইতিহাসত সৰ্ববৃহৎ বিনিয়োগ বুলিও মন্তব্য কৰে ড০ শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘অসমক ঔদ্যোগিক বিপ্লৱৰ প্ৰয়োজন আছিল। ব্যক্তিগত কোম্পানী আগবাঢ়ি অহা নাছিল। নগাঁও কাগজ কল বন্ধ হ’লেও নিৰাশ হোৱা নাছিলোঁ। ইয়াৰ দ্বাৰা সৃষ্টিৰ কল্পনা কৰিছিলোঁ। অসমৰ ইতিহাসত এয়া সোণালী ক্ষণ।’’

ইফালে সামাজিক মাধ্যমত ভূমি পূজনৰ মুহূৰ্ত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, অসম পৰৱৰ্তী গ্লোবেল ইলেক্ট্ৰনিক হাবৰ আজিৰে পৰা কাম আৰম্ভ হৈছে৷ মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু অসমবাসীৰ আশীৰ্বাদত টাটা ছনছৰ মাননীয় অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰন ডাঙৰীয়াৰ সৈতে জাগীৰোডত টাটা অৰ্ধপৰিবাহী প্ৰকল্পৰ ভূমি পূজন সম্পন্ন কৰি পৰম সন্তোষিত অনুভৱ কৰিছোঁ। এই ২৭ হাজাৰ কোটি টকীয়া ব্যয়সাপেক্ষ বৃহৎ উদ্যোগটোৱে বৃহৎসংখ্যক নিয়োগ সৃষ্টিত অৰিহণা যোগাব আৰু বিশ্বমানৰ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিব৷ আমি বিশ্বাসী যে ভাৰতবৰ্ষক নতুন যুগৰ সৈতে বিশ্বব্যাপী সমানে ফেৰ মাৰিবলৈ আমাক উদ্বুদ্ধ কৰিব৷’’

মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীকো ধন্যবাদ জনাই লিখিছে, ”মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৃষ্টিসম্পন্ন চিন্তা, টাটা ছনছৰ মাননীয় অধ্যক্ষ শ্ৰীৰতন টাটা ডাঙৰীয়াৰ দৃঢ়তা, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীঅশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ অকুণ্ঠ সঁহাৰি আৰু সমৰ্থন অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন৷ আটাইলৈ এই বৃহৎ প্ৰাপ্তিৰ বাবে অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।’’

উল্লেখযোগ্য যে টাটা গ্ৰুপক ৬০ বছৰৰ বাবে লীজত দিয়া ৫১৭.২৭ বিঘা মাটি সামৰি জাগীৰোডত টাটা গ্ৰুপে নিৰ্মাণ কৰিব ছেমি কণ্ডাক্টৰ প্ৰকল্প। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে টাটাই। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব। প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ