অসমৰ চাহক এলাগী, কেনিয়া, নেপাল, আফ্ৰিকাৰ পৰা চাহ আমদানি, অসমত দেখা দিব জাতীয় সংকট

ভাৰতীয় চাহ বৰ্ডৰ হঠকাৰী কাৰুকাৰ্যৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ প্ৰদান কৰিছে নৰ্থ ইষ্ট কনফেডাৰেচন স্মল টি গ্ৰাৱাৰছ এছোছিয়েচনে৷ বিগত ২৪ জানুৱাৰীত দুই পৃষ্ঠাৰ পত্ৰখনত কেইবাটাও গুৰুতৰ দাবী উত্থাপন কৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰিছে৷ যদি প্ৰধানমন্ত্ৰীক পত্ৰ প্ৰদানৰ পিছতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেন্তে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে৷ ২ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈ থকা বুলি উল্লেখ কৰিছে নৰ্থ ইষ্ট কনফেডাৰেচন স্মল টি গ্ৰাৱাৰছ এছোছিয়েচনে৷ ৩ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ লাহোৱালত এখন সংবাদমেল সম্বোধন কৰি নৰ্থ ইষ্ট কনফেডাৰেচন স্মল টি গ্ৰাৱাৰছ এছোছিয়েচনৰ সভাপতিয়ে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চাহ বৰ্ডৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷ অসমৰ খেতিয়কৰ চাহ কিনা বন্ধ কৰি থৈছে। এতিয়া কেঁচাপাত লােৱাৰ সিদ্ধান্ত লোৱা হৈছে৷  এতিয়া কলমৰ সময়৷ ইমান সোনকালে পাত নোলায়৷ ইয়াৰ দ্বাৰা গম পোৱা যায় ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ হকে কিমান চিন্তা কৰে৷ সংগঠনটোৰ নেতৃত্বই অসমত জাতীয় সংকট সৃষ্টিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বিদেশৰ পৰা চাহ আমদানি কৰা হৈছে৷ অসমৰ চাহৰ উৎপাদন বিভিন্ন প্ৰকাৰে বন্ধ কৰি বিদেশৰ পৰা হাজাৰ হাজাৰ কুইণ্টল চাহ আমদানি কৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক নিঃশেষ কৰিব খোজা হৈছে৷ যদি এই আমদানি প্ৰক্ৰিয়া অব্যাহত থাকে তেন্তে ২ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে কেইবা লাখ শ্ৰমিক বৰবাদ হ’ব আৰু অসমত জাতীয় সংকট সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ ব্যৱসায়, উৎপাদন বন্ধ কৰিব দিয়াৰ ষড়যন্ত্ৰ চাহ বৰ্ডে কৰা বুলি গুৰুতৰ অভিযোগ আনিছে নৰ্থ ইষ্ট কনফেডাৰেচন স্মল টি গ্ৰাৱাৰছ এছোছিয়েচনে৷ এছোছিয়েচনে কয় যে ২০০ বছৰ পুৰণি ভাৰতীয় চাহ উদ্যোগটোক বচাবলৈ কেন্দ্ৰৰ সহায় বিচাৰি দুই লাখতকৈও অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ হৈ নৰ্থ ইষ্ট কনফেডাৰেচন স্মল টি গ্ৰাৱাৰছ এছ’চিয়েচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত সংগঠনটোৱে কয় যে উত্তৰ-পূবত উৎপাদিত চাহ দেশৰ ৫৪ শতাংশ। ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহিদা-যোগানৰ অমিল দূৰ কৰিবলৈ ২০২৪ চনৰ ১ ডিচেম্বৰৰ পৰা চাহপাত তোলা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু আমি লক্ষ্য কৰিছো যে নেপাল, কেনিয়া আৰু অন্যান্য আফ্ৰিকাৰ দেশৰ পৰা চাহ আমদানি যথেষ্ট বৃদ্ধি কৰা হৈছে। কেনিয়াৰ চাহ বৰ্ডৰ চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২৪ চনত কেনিয়াৰ পৰা ভাৰতলৈ আমদানি হৈছে ১৩.৭১ নিযুত কিলোগ্ৰাম চাহ৷ আনহাতে ২০২৩ চনত জানুৱাৰীৰ পৰা অক্টোবৰলৈ ৩.৫৩ নিযুত কিলোগ্ৰাম আমদানি হৈছে। আমদানি ২৮৮ শতাংশ বৃদ্ধি পাইছে। একেদৰে, নেপালৰ চাহৰ আমদানি এই ছয় মাহত ৫৫.৭০ শতাংশ বৃদ্ধি পাইছে। চৰকাৰে ঘৰুৱা চাহৰ উৎপাদন আগতীয়াকৈ বন্ধ কৰি বিদেশৰ পৰা চাহৰ আমদানি বৃদ্ধি কৰা বুলিকৈ সংগঠনটোৱে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ ইপিনে লাহোৱালত সংবাদমেল সম্বোধন কৰি এছোছিয়েচনৰ নেতৃত্বই আৰু কয় যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাল দিন আৰু কেতিয়াও নাহে৷ বহুত বটলিফ ফেক্টৰী পৰিদৰ্শন কৰিছো৷ কিন্তু ফেক্টৰীৰ সৈতে কথা পাতি গম পাইছো যে পাত কিনিবলৈ কোৱা হৈছে যদিও ভাল দাম পোৱা নাযাব৷ এছোছিয়েচনৰ সভাপতিগৰাকীয়ে আক্ষেপ কৰি কয় যে চাহ বৰ্ডে নিয়োগ কৰা বিষয়াই একো কাম নকৰে৷ চাহ বৰ্ডে আজিলৈ বায়মেট্ৰিক কাৰ্ড যোগান নধৰিলে৷ ক্ষুদ্ৰ চাহ খেতিয়কক সময়মতে প্ৰশিক্ষণ, সা-সুবিধা প্ৰদান কৰা নাই৷ চৰকাৰে প্ৰদান কৰা সা-সজুলি দিয়াত ব্যৰ্থ হৈছে৷ অসম চৰকাৰেও সুবিধাবোৰ দিব লাগে৷ কিন্তু সুবিধা নিদিয়াকৈ জয়ঢোল বজাই আহিছে৷ অসম চৰকাৰে উদ্যোগক সুবিধা দিয়া বুলি কয়৷ আত্মসহায়ক গোটক কিবা দিয়া বুলি কয়৷ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কে সেই সুবিধা ল’ব নোৱাৰে৷ অসমৰ আজি ২ লাখ ক্ষুদ্ৰ চাহ খেতিয়াক আছে৷ তেওঁলোকৰ আহি থকা দিনত পানীত হাঁহ নচৰা অৱস্থা হ’ব৷ জাতীয় সংকটৰ সৃষ্টি হ’ব৷ আমি ইয়াৰ বিৰুদ্ধে আমি অঞ্চলে অঞ্চলে গৈ খেতিয়কক লগ ধৰিম৷ যদি তেওঁলোকে কয় আন্দোলন কৰিম, তেন্তে আন্দোলন কৰা হ’ব৷ ক্ষুদ্ৰ চাহ খেতিয়কক নিৰাপত্তা আমি দিবই লাগিব৷ অসমে একো এটা বস্তু আন্দোলন নকৰাকৈ নাপায়৷ ভাৰত চৰকৰ, অসমৰ চৰকাৰে ভাবিছে নেকি যে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজপথলৈ ওলাই আহক৷ প্ৰয়োজনত ৰাজপথলৈ ওলাব লাগিব৷ আমি জীয়াই থাকিব লাগিব৷ আমাৰ নতুন প্ৰজন্মক নিৰাপত্তা দি যাব লাগিব- কয় এছোছিয়েচনৰ নেতৃত্বই৷

  • Related Posts

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    গীতাশ্ৰী তামুলীকে চাকৰিৰ অভিযোগক লৈ তদন্ত কৰিবলৈ ক’লে মুখ্যমন্ত্ৰীয়ে

    অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ অব্যাহত আছে৷ গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিক লৈ সদনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰাত একাংশ লোকে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…