
অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা ভাৰতীয় জনতা পাৰ্টিৰ।
ৰাজ্যসভাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীক।
আনহাতে আন এখনৰ বাবে বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক।
দুয়োখন আসনতে প্ৰায় চূড়ান্ত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়লাভ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুই ৰাজ্যসভাৰ আসনৰ বাবে ১০ জনীয়া প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিছিল ৰাজ্যিক বিজেপিয়ে।
ইয়াৰে মাজৰ পৰা ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক প্ৰাৰ্থী হিচাপে বাছনি কৰে কেন্দ্ৰীয় নেতৃত্বই।
বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে কৰ্তন কৰিছিল ৰামেশ্বৰ তেলীৰ টিকট।
ইয়াৰ পিছতে তেওঁক ৰাজ্যসভালৈ নিৰ্বাচিত কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছিল।