
আজি ২ মে’ত অসমৰ ১৪খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলা কেইখন হৈছে — তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি।
এইবাৰ, ৰাজ্যজুৰি ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব; দ্বিতীয় পৰ্যায় ৭ মে’ত অনুষ্ঠিত হ’ব। মুঠ ১.৮ কোটি ভোটাৰে অংশ ল’বলগীয়া এই নিৰ্বাচন ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ “চেমি ফাইনেল” বুলি বিবেচিত হৈছে। ফলাফল ঘোষণা হ’ব ১১ মে’ত।
এই নিৰ্বাচনত ২১৯২০টা গাঁও পঞ্চায়ত, ২১৯২টা আঞ্চলিক পঞ্চায়ত আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্য নিৰ্বাচিত হ’ব। গাঁও পঞ্চায়তৰ ২১৯২০ জন সদস্যৰ ভিতৰত ২১৯২ জন হ’ব সভাপতি আৰু ২১৯২ জন উপ-সভাপতি। উল্লেখযোগ্যভাৱে, এইবাৰ ৯২৭০ খন মুক্ত আসন আৰু মহিলাৰ বাবে সংৰক্ষিত ১০৮৮৩ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
এইবাৰ ভোটদান পদ্ধতিত উল্লেখযোগ্য পৰিৱর্তন হৈছে — গাঁও আৰু আঞ্চলিক পঞ্চায়ত সদস্যসকলে ৰাজনৈতিক প্ৰতীকৰ অবিহনে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। কেৱল জিলা পৰিষদ (৩৯৭ গৰাকী) আৰু আঞ্চলিক পঞ্চায়তৰ ২১৯২ জন সদস্যহে দলীয় প্ৰতীকত নিৰ্বাচন কৰিছে।
প্ৰশাসনে ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলাবৰ বাবে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে। মুঠ ভোটাৰসংখ্যা ১৮০৩৬৬৮২ — পুৰুষ ভোটাৰ ৯০.৭১ লাখ, মহিলা ৮৯.৬৫ লাখ আৰু তৃতীয় লীংগৰ ৪০৮ গৰাকী।
ইতিমধ্যে, কিছুমান আসনত বিনা প্ৰতিদ্বন্দিতাৰে ফলাফল ঘোষণা হৈছে। জিলা পৰিষদৰ ৩৭টা আসনত এন ডি এ প্ৰাৰ্থী জয়ী হৈছে — ৩৫টা আসনত বিজেপি আৰু ২টা আসনত অগপৰ প্ৰাৰ্থী। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯টা বিজেপি, ২৯টা অগপ, ১টা AIUDF, ১৩টা নিৰ্দলীয় আৰু ৯টা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়ী হৈছে।
৭ মে’ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত।
ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ চলিছে।