

পুনৰ বহিঃৰাজ্যত অসমীয়া গাভৰুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বাংগালুৰুৰ ইন্দিৰানগৰ অঞ্চলৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত অসমৰ জীয়ৰী ২৬ বছৰীয়া মায়া গগৈক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা মায়াক কেৰালাৰ কান্নুৰৰ বাসিন্দা তেওঁৰ প্ৰেমিক আৰৱ অনাই ছুৰীকাঘাত কৰি হত্যা কৰা বুলি অভিযোগ উঠিছে। আৰৱ বৰ্তমান পলাতক। ৰয়েল লিভিংছ নামৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত উৎকট গোন্ধ ওলোৱাৰ পিছতে ইন্দিৰা নগৰ আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে কোঠাত প্ৰৱেশ কৰাত মায়াৰ অৰ্ধগলিত শৰীৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বিছনাত পৰি থকা অৱস্থাত শৰীৰ উদ্ধাৰ কৰে৷ ইতিমধ্যে ঘটনাক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ জানিব পৰা মতে, মায়া আৰু আৰৱ কেবাটাও দিন ধৰি একেলগে আছিল ৰয়েল লিভিং চাৰ্ভিচ এপাৰ্টমেণ্টত। কিন্তু হঠাতে আৰৱ অন্তৰ্ধান হয়৷ তাৰ পিছতে কোঠাৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে৷ আৰক্ষীয়ে অনলাইনত অৰ্ডাৰ দিয়া নাইলনৰ তাঁৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ উক্ত তাঁৰেৰে ডিঙিত মেৰিয়াই আৰু ছুৰীকাঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। এয়া পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হ’ব পাৰে বুলি স্থানীয় আৰক্ষীয়ে সন্দেহ কৰিছে৷ জানিব পৰা মতে, অসমৰ মায়াই ব্যক্তিগত কোম্পানীত কাম কৰিছিল।