অসম এতিয়া বন্ধ দিয়া ৰাজ্য নহয়, অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশঃ পীয়ুষ

মন্ত্ৰী পীয়ুষ হাজৰিকাই এডভাণ্টেজ আছাম ২.০ৰ দ্বিতীয় দিনাৰ বিনিয়োগ আলোচনা সভাত অসমক উদ্যোগিক ভাবে শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে অসম এতিয়া “বন্ধৰ ৰাজ্য” বা “আইন-শৃংখলাৰ সমস্যাগ্ৰস্ত” অঞ্চল নহয়, বৰঞ্চ ছেমিকণ্ডাক্টৰ উৎপাদনৰ দিশত আগবাঢ়ি আছে। জাগীৰোডত গঢ়ি উঠা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা এই বছৰৰ শেষলৈকে চিপছ উৎপাদন আৰম্ভ হ’ব বুলি জনোৱা হৈছে। প্ৰকল্পটোৱে দুবছৰৰ ভিতৰত দৈনিক ৪৮ মিলিয়ন চিপছ উৎপাদন ক্ষমতা লাভ কৰিব।

ইয়াৰোপৰি, টাটা গ্ৰুপে অসমত ম’বাইল মেনুফেকচাৰিং ইউনিট স্থাপনৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি হাজৰিকাই যুৱসমাজক চাকৰিৰ সৈতে নিজা উদ্যোগ গঢ়াৰ আহ্বান জনায়। ষ্টাৰ্টআপ আৰু উদ্ভাৱনী প্ৰকল্পৰ বাবে চৰকাৰে এক নতুন বিভাগ সৃষ্টি কৰি ২০২৪-২৫ৰ বাজেটত ১০০ কোটি টকাৰ ফাণ্ড বিনিয়োগৰ ঘোষণা কৰা হৈছে। “অসমক ষ্টাৰ্টআপৰ হাবলৈ ৰূপান্তৰিত কৰিম,” বুলি মন্ত্ৰীজনে আশাবাদ ব্যক্ত কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডিফেন্স কৰিড’ৰৰ ধাৰণাক সমৰ্থন জনাই হাজৰিকাই কয়, “শত্ৰুৰাষ্ট্ৰৰ সান্নিধ্যৰ বাবে এই অঞ্চলত প্ৰতিৰক্ষা সজুলি মেৰামতিৰ সুবিধা গঠন কৰাটো জৰুৰী।” ইয়াৰোপৰি, অসমক কেন্দ্ৰীয় সাহায্যনিৰ্ভৰ ৰাজ্যৰ পৰা কেন্দ্ৰলৈ অৰ্থসহায় আগবঢ়োৱা ৰাজ্যলৈ ৰূপান্তৰিত কৰাটো মুখ্যমন্ত্ৰীৰ প্ৰধান লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।

শেহতীয়াকৈ, বিদেশী বিনিয়োগকাৰীসকলক অসমলৈ বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাই হাজৰিকাই কয়, “অসমীয়াই চাকৰিৰ বাবে অন্য ৰাজ্যলৈ যাব নালাগে। এডভাণ্টেজ আছাম ২.০ই ইয়াতেই সুযোগৰ সৃষ্টি কৰিব।”

 

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে