অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰৰ আহ্বান মন্ত্ৰী পীয়ুষৰ

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কোঁচ-ৰাজবংশীৰ সংগঠনসমূহে ২১ জানুৱাৰীত আহ্বান জনোৱা অসম বন্ধ প্ৰত্যাহাৰৰ আহ্বান জনািছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সন্মিলিত কোঁচ-ৰাজবংশীৰ প্ৰতিনিধিৰে মন্ত্ৰীগৰাকীৰ বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰা বুলি উল্লেখ কৰি বন্ধৰ কাৰ্যসূচী বাতিল কৰিবলৈ আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে কয় যে অসম বন্ধৰ পৰিৱৰ্তে অন্য গণতান্ত্ৰিক আন্দোলন কৰাত বাধা নাই, কিন্তু আন্দোলনৰ নামত বন্ধ দিব নালাগে৷ মন্ত্ৰীগৰাকীয়ে কয় যে সদৌ কোঁচ-ৰাজবংশী ছাত্র সন্থাৰ নেতৃত্বত সন্মিলিত মঞ্চই ২১ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছে। চৰকাৰৰ তৰফৰ পৰা আহ্বান জনাইছো যে বন্ধটো উঠাই লৈ চৰকাৰৰ লগত আলোচনাত বহক। শনিবাৰে সংগঠনসমূহৰ উচ্চস্তৰীয় প্ৰতিনিধিৰৰ সৈতে দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত দাবীসমূহ উত্থাপন কৰিছে। চাৰিটা দাবীৰ বাবে বন্ধ ঘোষণা কৰাৰ কথা উল্লেখ কৰি হাজৰিকাই কয় যে গণতান্ত্ৰিকভাৱে আন্দোলনত চৰকাৰৰ বাধা নাথাকে। কিন্তু আন্দোলনৰ নামত বন্ধ দিব নালাগে। বন্ধ দিলে অসমৰ অৰ্থনীতিত তথা সমাজ জীৱনত বিৰূপ প্ৰভাৱ পৰে। অসম বন্ধ নিদিবলৈ অনুৰোধ জনাইছো।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে