কোকৰাঝাৰঃ নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি বিধানসভাত ৰাজ্য চৰকাৰে উত্তৰ দিয়াৰ পাছতে সৰৱ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ সদৰ চহৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কোকৰাঝাৰ সদৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ট্ৰেফিক পইণ্টত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে।
বিধানসভা অধিবেশনৰ পঞ্চম দিনটোত বিধায়ক অখিল গগৈৰ এক প্ৰশ্নোত্তোৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি উল্লেখ কৰিছিল।
ইয়াৰ পিছতে আজি জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে গৰজি উঠে নাথ যোগী ছাত্ৰ সন্থা। জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে।
ৰণোজ পেগুৰ মিথ্যাচাৰক ধিক্কাৰ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই। প্ৰতিবাদথলীত নাথ যোগীক জনজাতিকৰণৰ দাবীত বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হয়। লখিমপুৰৰ কেবিনেট বৈঠকত নাথ যোগীৰ বিভিন্ন সমস্যা সন্দৰ্ভত সিদ্ধান্ত নললে
ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ আৰু অসম বন্ধৰ ভাবুকি দিয়ে সন্থাই। প্ৰতিবাদথলীত আৰক্ষী উপস্থিত হৈ বাধাপ্ৰদান কৰে আৰু প্ৰতিবাদকাৰীক আটক কৰি থানাত ৰখা বুলি জানিব পৰা গৈছে।