অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমদিনাৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ’ব কোকৰাঝাৰত

কালি অসম বিধানসভাৰ আগন্তুত বাজেট অধিৱেশনক লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত বিধানসভা ভৱনত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ যায়। সৰ্বদলীয় বৈঠকত শাসক বিজেপি-অগপৰ লগতে মুখ্য বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰতিনিধি উপস্থিত থাকে৷ বৈঠকখনত অধ্যক্ষই ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা প্ৰস্তুতক লৈ আলোচনা কৰা হয়৷ অধ্যক্ষ দৈমাৰীয়ে সকলো দল তথা নিৰ্দলীয় বিধায়কসকলৰ সহযোগিতাৰ কামনা কৰে৷ ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া পূৰ্ণাংগ বাজেট অধিৱেশন ২৪ মাৰ্চলৈ চলিব৷ ১০ মাৰ্চত দাখিল হ’ব বাৰ্ষিক বাজেট৷ অধিবেশনক লৈ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে৷ বৈঠকখনত বিধানসভাৰ উপাধ্যক্ষ ডা০ নোমল মমিন, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পীয়ুষ হাজৰীকা, কেশৱ মহন্ত, উৰ্খাও গৗৰা ব্ৰহ্ম, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিধায়ক আমিনুল ইছলামসহ কেইবাগৰাকী বিধায়ক উপস্থিত থাকিব৷ উল্লেখ্য যে, দিছপুৰৰ পৰিৱৰ্তে কোকৰাঝাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰস্থিত পাৰিষদীয় ভৱনত দিনৰ ১২ বজাত অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ’ব। প্ৰথম দিনটো কোকৰাঝাৰত অনুষ্ঠিত হোৱাৰ পিছত বাকী থকা দিনকেইটাত অধিৱেশন পূৰ্বৰ দৰে দিছুপৰতে অনুষ্ঠিত হ’ব।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে