অৰুণাচলত অসমৰ যুৱকক হত্যা, সীমান্ত পথ অৱৰোধৰ সময়ত উত্তপ্ত পৰিস্থিতি

বিহালীৰ তিনিসুঁতি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বগীজুলীৰ অঞ্চলত শংকৰ পেগু (২৯) নামৰ এজন যুৱকক অৰুণাচল প্ৰদেশত নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ১৩ জুলাই তাৰিখে অৰুণাচলৰ ৰয়িং-ডিবাং ভেলীৰ তাদাৰ ভাই নামৰ এজন স্থানীয় ব্যৱসায়ীয়ে শংকৰক গুলীয়াই হত্যা কৰে। গুলী মূৰত আৰু ভৰিত লাগি ঘটনাস্থলীতেই মৃত্যু ঘটে শংকৰৰ।

জানিব পৰা মতে, শংকৰ প্ৰায় ২০ দিন পূৰ্বে শ্ৰমিক হিচাপে কাম কৰিবলৈ অৰুণাচল প্ৰদেশৰ ৰয়িং অঞ্চললৈ গৈছিল। ১৪ জুলাই নিশা অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত বিহালীৰ বগীজুলীস্থিত শংকৰৰ পৰিয়াললৈ মৃতদেহটো চমজাই দিয়ে।

এই হত্যাকাণ্ডে অঞ্চলজুৰি তীব্ৰ প্ৰতিবাদৰ সঞ্চাৰ কৰিছে। বিশেষকৈ, অৰুণাচলত অসমীয়া যুৱকসকলৰ ওপৰত ধাৰাবাহিকভাৱে হোৱা আক্ৰমণৰ ঘটনা নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ১৮ জুনতো অৰুণাচলৰ চিম্ফুৰ ইটানগৰত টাই জ’ন নামৰ এজন লোকে অসমৰ প্রভাষ দলে (২২) নামৰ এজন যুৱকক মাৰপিট কৰি হত্যা কৰিছিল।

এই সম্পৰ্কে ক্ষুব্ধ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মিচিং জনগোষ্ঠীৰ তিনিটা সংগঠন — টিএমপিকে (TMPK), এমএমকে (MMK) আৰু টিএমএমকে (TMMK) —য়ে আজিৰে পৰা অনিৰ্দিষ্টকালীন অসম-অৰুণাচল সংযোগী পথ অৱৰোধৰ ঘোষণা দিছে। সংগঠনসমূহে দায়ী লোকৰ গ্ৰেপ্তাৰ আৰু দ্ৰুত ন্যায় বিচাৰৰ দাবী জনাইছে।

স্থানীয় ৰাইজ আৰু বিভিন্ন সামাজিক সংগঠনে অৰুণাচলত অসমীয়া লোকৰ সুৰক্ষাৰ বাবে দ্ৰুত পদক্ষেপ লোৱাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।

  • Related Posts

    হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে আলফাৰ ম্যানমাৰৰ শিবিৰত আক্ৰমণ সম্ভৱ নহয়ঃ গৌৰৱ গগৈ

    ম্যানমানস্থিত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত তিনি আলফা নেতা শ্বহীদ হোৱাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত৷ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ কথা অসম চৰকাৰে অৱগত নহয়…

    কেওট সম্প্রদায়ক কৈৱৰ্তৰ মৰ্যাদা দিয়াৰ যো-জা ৰাজ্য চৰকাৰৰ, সৰৱ অনুসূচিত জাতিৰ সংগঠন

    আজি ৰাজ্যৰ অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা কেইবাটাও সংগঠনে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত কৰাৰ অন্তত সংবাদমেল সম্বোধন কৰে৷ অসমত বসবাস কৰা কেইবালাখ অনুসূচিত জাতিৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে