অৰুণাচলত অসমৰ ১৯ শ্ৰমিকক বন্দী কৰাৰ অভিযোগ

নগাঁও আৰু মৰিগাঁও জিলাৰ ১৯ শ্ৰমিকক চুবুৰীয়া ৰাজ্য অৰুণাচলত বন্দী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেইবাটাও পৰিয়ালে৷ কচুৱা আৰু মৰিগাঁৱৰ ১৯ শ্ৰমিকক বন্দী কৰাৰ গুৰুতৰ অভিযোগ আনিছে শ্ৰমিকসকলৰ পৰিয়ালে৷ পৰিয়াল আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ মতে, প্ৰায় দুমাহ পূৰ্বে ঠিকাদাৰী প্ৰতিষ্ঠানে তেওঁলোকক কাম কৰিবলৈ অৰুণাচলৰ দিবাং ভেলীলৈ নিছিল৷ তাত দীৰ্ঘদিন ধৰি ঠিকাদাৰী প্ৰতিষ্ঠানত কাম কৰে৷ কাম কৰাৰ পাছতো আগধন হিচাপে দিয়া ৮ লাখ টকা নিদিলে আহিব নিদিয়াৰ ধমক দিছে ঠিকাদাৰে৷ এই খবৰ লাভ কৰি হাহাকাৰ কৰি সময় অতিবাহিত কৰিছে পৰিয়ালে। কাম কৰাৰ অন্তত ঘৰলৈ আহিব নিদি শ্ৰমিকক বন্দী কৰাৰ অভিযোগ আনে পৰিয়ালে৷ পৰিয়ালৰ মতে, দুমাহ পূৰ্বে কচুৱাৰ পমিলা, চিতলমাৰী, তামোলবাৰী আৰু মৰিগাঁৱৰ পৰা শ্ৰমিক কেইজনে পকী পথ নিৰ্মাণৰ বাবে গৈছিল৷ দিবাং ভেলী জিলাৰ ভিতৰুৱা কামত নিয়োগ কৰি শ্ৰমিকসকলক খাদ্যৰ যোগান ধৰা নাছিল৷ ফলত ভোকে-পিঁয়াহে দিন কটাবলগীয়া হৈছে৷ লগতে ঘৰলৈ আহিব খুজিলেও ঠিকাদাৰী প্ৰতিষ্ঠানে বাধা প্ৰদান কৰিছে। মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে৷ পৰিয়াল কেইটাই অৱশেষত নগাঁৱৰ কচুৱা আৰক্ষীক অভিযোগ দাখিল কৰিছে৷ শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে কাতৰ আহ্বান জনাই পৰিয়ালে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাই কয় যে আপুনি আমাৰ সন্তাক উদ্ধাৰত সহায় কৰক।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক