
অসমৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল ভ্ৰমণলৈ যোৱা দুটা পৰিয়ালৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে৷ পাহাৰীয়া পথৰ পৰা বহু ফুট তলত পৰে এখন স্কৰপিঅ’ গাড়ী৷ সৰি পৰা বাহনখনত আছিল মুঠ ছয়জন লোক৷ ইতিমধ্যে চালক মনোজ ছেত্রীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে৷ এগৰাকী কণমানি আৰু এগৰাকী মহিলাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰিছে৷ বৰ্তমানেও সন্ধানহীন হৈ আছে তিনিজন লোক৷ তেওঁলোক হৈছে সূৰয ছেত্রী, মীনা ছেত্রী আৰু ৰঞ্জিৎ ছেত্রী৷ জানিব পৰা মতে, পাহাৰীয়া পথেৰে গৈ থকাৰ সময়তে নিয়ন্ত্রণ হেৰুৱাইছিল স্কৰপিঅ’খনে৷ ফলত পাহাৰৰ পৰা বাগৰি তলত পৰে৷ নুমলীগড়ৰ ঔগুৰি চাপৰিৰ দুটা পৰিয়াল অৰুণাচল ভ্ৰমণ কৰিবলৈ গৈছিল৷ অৰুণাচলৰ ৰ’য়িং-মায়’দিয়া পথৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় পৰিয়াল দুটা৷