
উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পাংচাও অঞ্চলত আজি নিশা ভয়ংকৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। ভাৰত-ম্যানমাৰ সীমান্তৰ সীমান্ত পিলাৰ ১৫৬ৰ ওচৰত নিৰ্মাণ প্ৰতিষ্ঠানৰ দুজন শ্ৰমিকক অপহৰণ কৰাৰ পিছত এনএছচিএন (আংগামি) বিদ্ৰোহী গোটৰ সৈতে হোৱা এনকাউণ্টাৰত তিনিজন বিদ্ৰোহী নিহত হয়।
নিহত বিদ্ৰোহীসকল এনএছচিএন (আংগামি) গোটৰ সক্ৰিয় কেডাৰ আছিল আৰু তেওঁলোক নগালেণ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অপহৃত শ্ৰমিক ৩৫ বছৰীয়া জানলুং ৱাংপানক নিৰাপদভাৱে উদ্ধাৰ কৰা হৈছে যদিও আন এজন শ্ৰমিক, ২৬ বছৰীয়া মহম্মদ গিয়াছুদ্দিন এতিয়াও সন্ধানহীন হৈ আছে।
সূত্ৰ অনুসৰি, বিদ্ৰোহী গোটে ১৫ জনীয়া অস্ত্ৰধাৰী দল লৈ সীমান্ত পাৰ হৈ অৰুণাচলত প্ৰৱেশ কৰিছিল আৰু পংচাউ অঞ্চলত নিৰ্মাণ কামত নিয়োজিত দুজন শ্ৰমিকক অপহৰণ কৰে। অপহৃতৰ বিনিময়ত ধনৰ দাবী কৰা হয় বুলি জানিব পৰা গৈছে।
অপহৰণ কাণ্ডৰ পিছত অৰুণাচল আৰক্ষী আৰু অসাম ৰাইফলে যৌথভাৱে অভিযান আৰম্ভ কৰে। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই অপহৃতৰ বন্দী থাকিব পৰা সন্দেহত পাংচাওৰ জংঘলত অভিযান চলে।
অভিযানৰ সময়ত বিদ্ৰোহীসকল গুলীয়াৰ প্ৰতিউত্তৰ দিয়ে আৰু দুয়োপক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষ ঘটে। সংঘৰ্ষৰ অন্তত ঘটনাস্থলীৰ পৰা চাৰিটা স্বয়ংক্ৰিয় ৰাইফল উদ্ধাৰ কৰা হৈছে। নিহত তিনিজন বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে নাগালেণ্ড আৰক্ষীক হস্তান্তৰ কৰা হৈছে।
এই ঘটনাই অৰুণাচল-নাগালেণ্ড সীমান্তত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুয়ো ৰাজ্যৰ সীমান্তত নিৰাপত্তা সজাগতা বৃদ্ধি কৰা হৈছে, কিয়নো এনএছচিএন (আংগামি) গোটে এই অভিযানেৰ প্ৰত্যুত্তৰ দিয়াৰ সম্ভাৱনা থাকিব পাৰে বুলি অনুমান কৰা হৈছে।