আইআইটি, জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ

কালি অসমত উপস্থিত হোৱা জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা উচ্চস্তৰীয় প্ৰতিনিধি দলটোৱে আজি দ্বিতীয় দিনা গুৱাহাটী আইআইটি আৰু মৰিগাঁও জিলাৰ জাগীৰোডত নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটি আই আই টিত উপস্থিত হোৱাৰ লগে লগে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, অসমৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আদিয়ে উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে আই আই টি গুৱাহাটীয়ে জাপানৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে গ্ৰহণ কৰি থকা বিভিন্ন কাৰ্যসমূহৰ লগতে আগন্তুক দিনত সহযোগিতাৰে কৰিব বিচৰা কাৰ্যপন্থাসমূহৰ সবিশেষ জাপানৰ প্ৰতিনিধিবৰ্গৰ সন্মুখত উপস্থাপন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰোৱে গণতন্ত্ৰৰ দৰে একে মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত দেশ দুখনে মিলি উন্নয়নৰ বাবে সহযোগিতাৰে কাম কৰিব পাৰে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰত তথ্য-প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ মানৱ সম্পদেৰে ঐশ্বৰ্যশালী। আনহাতে জাপানৰ এনে মানৱ সম্পদৰ প্ৰয়োজন। গতিকে জাপানত প্ৰতিষ্ঠিত হ’ব বিচৰা ভাৰতৰ এনে মানৱ সম্পদসমূহক জাপানে উদগনি যোগাবলৈ আগ্ৰহী। তদুপৰি আন্তঃগাঁথনি, নিৰ্মাণ আদিৰ উপৰি শিক্ষা, অৰ্থনীতি তথা ৰাজনীতি ক্ষেত্ৰতো গণতান্ত্ৰিক দেশ দুখনে সহযোগিতাৰে কাম কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। আনুষ্ঠনিকভাৱে জনোৱা আদৰণি পৰ্বৰ পিছতে প্ৰতিনিধি দলটিক প্ৰতিষ্ঠানখনৰ নেনোটেক্নল’জি চেণ্টাৰ আৰু ৰিচাৰ্ছ পাৰ্ক পৰিদৰ্শন কৰোৱা হয়। ৰিচাৰ্ছ পাৰ্ক পৰিদৰ্শনকালত আই আই টি গুৱাহাটীয়ে উদ্যমিতা আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলী সম্পৰ্কত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে প্ৰতিনিধিবৰ্গক অৱগত কৰোৱা হয়। আনহাতে আই আই টি গুৱাহাটীত নিৰ্মীয়মান অত্যাধুনিক স্বাস্থ্যবিজ্ঞান প্ৰতিষ্ঠান আসাম এডভান্সড্ হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউট সম্পৰ্কতো মুখ্য পৰিচালন বিষয়া ডঃ সজল সেনে তেখেতসকলক অৱগত কৰে। ৫,৪৬০ মিলিয়ন ব্যয়সাপেক্ষ এই প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ ২ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে যদিও ইতিমধ্যে চাৰিটা বিষয়ত গৱেষণাৰ কাম আৰম্ভ কৰা হৈছ। ৩০ মাহৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। পৰিদৰ্শনকালত আই আই টিয়ানসকলে প্ৰদৰ্শন কৰা ষ্টাৰ্টআপৰ সামগ্ৰীসমূহ চাই প্ৰতিনিধিদলটোৱে সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিষ্ঠান পৰিদৰ্শনৰ পিছতে প্ৰতিনিধি দলটিয়ে আই আই টিৰ অতিথিশালাত অসমীয়া ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগ‍ত কামৰূপ জিলাৰ আমিনগাঁওস্থিত আছিয়ান- ওৱান টেকনিকেল চেণ্টাৰত উপস্থিত হোৱা প্ৰতিনিধি দলটোক আনুষ্ঠানিকভাৱে আদৰণি জনায় ৰাজ্য চৰকাৰৰ পৰ্যটন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই। জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰোই নিজৰ বক্তব্যত ভাৰতৰ এখন অন্যতম বিকশিত ৰাজ্য হ’বলৈ আগবঢ়া অসমৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ উন্নয়নত জাপানেও সহযোগিতা আগবঢ়াব। তেওঁ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত উপযুক্ত মানৱ সম্পদৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে অসম মানৱ সম্পদৰ ক্ষেত্ৰত চহকী। এই মানৱ সম্পদক উপযুক্ত ৰূপত গঢ় দিলে তেওঁলোকে জাপানৰ কৰ্মক্ষেত্ৰত নিয়েজিত হোৱাৰ প্ৰচুৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত জাপান আৰু অসম সমানে লাভান্বিত হ’ব। আজি উপস্থিত হোৱা জাপানৰ প্ৰতিনিধি দলটোক আমিনগাঁৱত অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ অধীনত নিৰ্মাণৰত আতিথ্য প্ৰকল্পৰ কৌশলগত অৱস্থান আৰু ইয়াত উপলব্ধ সুবিধাসমূহৰ বিষয়ে অৱগত কৰা হয়। লগতে ৰাজ্য চৰকাৰে এই আতিথ্য প্ৰকল্পতে আছিৱান- ওৱান টেকনিকেল চেণ্টাৰ মুকলি কৰি জাপানী ভাষা আৰু পৰীক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ দিশত চলোৱা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয়। উল্লেখ্য এই কেন্দ্ৰটোৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে জাপানী ভাষা শিকাৰ সুযোগ লাভ কৰাৰ লগতে দক্ষতাৰ প্ৰশিক্ষণ লাভ কৰিব পাৰিব যিয়ে পৰৱৰ্তী সময়ত বহিঃৰাষ্ট্ৰখনত অসমীয়া যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব তথা জাপান আৰু অসমৰ মাজত সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব। আজিৰ অনুষ্ঠানত শ্ৰম কল্যাণ, দক্ষতা , নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদী, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰা, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষৰ ৰঞ্জন ভূঞা উপস্থিত থাকে। ইয়াৰ পিছতে দলটোৱে মৰিগাঁও জিলাৰ জাগীৰোডত নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলীলৈ ৰাওনা হয়। জাপান সংসদৰ অধ্যক্ষ নুকাগা ফুকুছিৰ নেতৃত্বত জাগীৰোডলৈ অহা জাপানৰ এই প্ৰতিনিধি দলটোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰনি জনাই প্ৰকল্পটোলৈ যায়। উল্লেখযোগ্য যে এড্ভান্টেজ অসম ২•০ৰ প্ৰভাৱ হিচাপে এই দলটোৱে অসমত বিনিয়োগৰ পৰিকল্পনা কৰি এই ভ্ৰমণ কৰিছে। জাপানৰ এই প্ৰতিনিধি দলটোক জাগীৰোডত শতাধিক ছাত্ৰী আৰু মহিলাই হাতে হাতে লোৱা জাতীয় পতাকাৰে আদৰণি জনাই সন্মান প্ৰদৰ্শন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই দলটোক আদৰনি জনায়। জাপানৰ এই প্ৰতিনিধি দলটোৱে অসম ভ্ৰমণৰ জৰিয়তে অসম আৰু জাপানৰ মাজত সম্পৰ্ক গভীৰ হোৱাৰ প্ৰমাণ হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে। জাপান সংসদৰ অধ্যক্ষ নুকাগা ফুকুছিৰ নেতৃত্বত জাগীৰোডলৈ অহা দলটোত আছে সাংসদ ইয়ামাছিটা টাকাচি ছুছিমা জোন, এছিয়ান ৱান কোম্পানী লিমিটেডৰ অধ্যক্ষ নিছিকাৱা টাছিয়াকিকে ধৰি জাপানৰ প্ৰতিনিধিসকল। উল্লেখযোগ্য যে প্ৰথমবাৰলৈ অসমৰ জাগীৰোডত অহা জাপানৰ এই উচ্চপৰ্যায়ৰ প্ৰতিনিধি দলটোৰ ভ্ৰমণক লৈ মৰিগাঁও জিলাবাসী অত্যন্ত উৎসাহী হৈ পৰিছে। ভৱিষ্যতে মৰিগাঁও জিলাখন ভাৰতৰ ভিতৰত আৰু অধিক জনপ্ৰিয় হ’ব বুলি জাগীৰোডবাসীয়ে মত প্ৰকাশ কৰে।

  • Related Posts

    মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা…

    জাতিগত জনগণনাক আদৰণি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ

    ভাৰত চৰকাৰে অহা লোকপিয়লত জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম গৰিয়া জাতীয় পৰিষদে৷ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম আৰু সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…