
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা। অসম চৰকাৰৰ দায়িত্বহীনতা আৰু আইন-শৃংখলা নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হোৱাৰ বাবেই ৰাজ্যখনত এক বিশৃংখল আৰু অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি গুৰুতৰ অভিযোগ কৰে ভূপেন বৰাই। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত উজনি, নামনি আৰু মধ্য অসমত বিজেপি দলে জনসমৰ্থন লাভত ব্যৰ্থ হৈ জনগণৰ মাজত বিভাজন সৃষ্টি কৰি বিশেষকৈ উজনি অসমৰ ৰাইজৰ আস্থা লাভৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে নানান জনবিৰোধী কূট-কৌশল ৰচনা কৰিছে বুলি কয় ভূপেন বৰাই।
বিগত সংসদীয় নিৰ্বাচনী ফলাফলে বিজেপিৰ ভেটি উজনি অসমত কঁপাই তুলিছে, যাৰ প্ৰভাৱ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত পূৰামাত্ৰাই পৰাৰ সম্ভাৱনা আছে বুলি কয় ভূপেন বৰাই। বৰাৰ মতে, সেই বাবেই মুখ্যমন্ত্ৰীয়ে উজনি অসমত নতুন এক বাকধাৰাৰ সৃষ্টি কৰি তাত সাম্প্ৰদায়িক সংঘৰ্ষৰ নতুন পটভূমি সৃষ্টি কৰিব বিচাৰিছে। এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ”এনে ৰাজনৈতিক ষড়যন্ত্ৰক আমি তীব্ৰ নিন্দা কৰোঁ আৰু ৰাইজক চৰকাৰ আৰু সমাজ বিৰোধী চক্ৰৰ প্ৰৰোচনাত নপৰিবলৈ আহ্বান জনাইছো।’’
উজনি অসমৰ শান্তিপ্ৰিয় ৰাইজৰ প্ৰতি ভূপেন বৰাৰ আহ্বান, আপোনালোকে যেন নিজ নিজ অঞ্চলত সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাত সক্ৰিয় ভূমিকা পালন কৰে। লগতে তেওঁ আহ্বান জনাই যে যিকোনো পৰিস্থিতিতে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত চক্ৰৰ প্ৰৰোচনাত পৰি কোনো ব্যক্তিয়ে নিজ হাতত যেন আইন তুলি নলয়। কাৰণ সংবিধানপ্ৰদত্ত আইনী প্ৰক্ৰিয়াত কেৱল চৰকাৰেহে আইনী পদক্ষেপ গ্ৰহণ কৰিব পাৰে। গতিকে কোনো লোকক কোনো ব্যক্তিয়ে গৃহহীন কৰা বা খেদি পঠোৱাটো সম্পূৰ্ণ বেআইনী। গতিকে অসমৰ সকলো শ্ৰেণীৰ লোককে নিজ হাতত আইন তুলি নল’বলৈ আহ্বান জনাইছে কংগ্ৰেছে।