
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ৪,২২,৭৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। লক্ষ্যণীয়ভাৱে বিগত বৰ্ষৰ তুলনাত এইবাৰ ১১.৭২ শতাংশ হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষত মেট্ৰিক পৰীক্ষাত ৭৫.৭ শতাংশ উত্তীৰ্ণৰ হাৰ হোৱাৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। আনহাতে এইবাৰ অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ ২,৭০,৪৭১ গৰাকী সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰে ৮৯,০৪১ গৰাকীয়ে প্ৰথম বিভাগ, ১,৩৫,৫৬৮ গৰাকীয়ে দ্বিতীয় বিভাগ, আৰু ৪৫,৮৬২ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। পৰীক্ষাৰ কঠোৰ মানদণ্ড বজাই ৰখাৰ উপৰিও অতি শীঘ্ৰে ফেইল কৰাসকলৰ বাবে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি ইতিমধ্যে জানিবলৈ দিছে শিক্ষা পৰিষদে। উল্লেখ্য যে, অসমৰ ৩৩খন জিলাৰ ভিতৰত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাই। জিলাখনত উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.৫৫ শতাংশ। ইয়াৰ বিপৰীতে সৰ্বাধিক উত্তীৰ্ণৰ দ্বিতীয় স্থানত ডিব্ৰুগড় (৮১.১০%) আৰু তৃতীয় স্থানত আছে ধেমাজি (৮০.৬৪%)। একে সময়তে যোৰহাট (৭৯.৬১%) আৰু কামৰূপ মহানগৰ (৭৮.৭৯%)ৰ ফলাফলো আশাব্যঞ্জক। আনহাতে শ্ৰীভূমি জিলাত সৰ্বনিম্ন ৪৭.৯৬ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে এই বছৰ। ইয়াৰ পিছতে আছে গোৱালপাৰা (৫১.৩১%), কাছাৰ (৫১.৫৮%), মৰিগাঁও (৫১.৪০%) আৰু হোজাই (৫২.৬১%) জিলা। এই পৰীক্ষাত ৫,৩৩৬ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ আৰু ১৬,৫১৭ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত এইবাৰ অনৈতিকভাৱে অৱতীৰ্ণ হোৱাৰ অভিযোগত ১০১ গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰাৰ লগতে পঞ্জীয়ন সম্পৰ্কীয় জটিলতাৰ বাবে ২২ গৰাকীৰ ফলাফল স্থগিত ৰখা হৈছে। কেইবাখনো জিলাৰ লগতে সামগ্ৰীক ভাৱে অসমৰ নিম্নগামী হোৱাত শিক্ষা বিভাগ, অভিভাৱকসকল উদ্বিগ্ন হৈছে৷ ইপিনে আজি সংবাদমেল যোগে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ বাবে মান উন্নীত কৰিবৰ বাবে শিক্ষা বিভাগে পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰিছে৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল নিম্নগামী বুলি স্বীকাৰ কৰি ডা০ ৰণোজ পেগুৱে ধেমাজিত আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰিক কয় যে ফলাফল নিম্নগামী হোৱা জিলাসমূহৰ জিলা আয়ুক্তৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব৷