ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী।
ৰাজ্যৰ কেইবাখনো জিলাত মধ্যমীয়াৰ পৰা অতিপাত বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
২০ খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।
দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ(গ্ৰাম্য) জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।
একেদৰে নলবাৰী, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাতো জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।
আগন্তুক ২৪ ঘণ্টালৈ এই জিলা কেইখনত বৰুষণৰ সম্ভাৱনা।