আকৌ হাছিনা… আৰক্ষীৰ নামত ধন দাবী কৰি এইবাৰ হ’ল গ্ৰেপ্তাৰ

গুৱাহাটীঃ আকৌ চৰ্চাত এছ আই জোনমণি ৰাভা কাণ্ডত নাম সাঙোৰ খাই পৰা লখিমপুৰৰ হাছিনা বেগমৰ। আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ’ল হাছিনা।

অভিযুক্তক ৰক্ষণাবেক্ষণ দি আৰক্ষীৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে হাছিনা বেগমক। গুৱাহাটীৰ পৰা শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় হাছিনা বেগমক।

উল্লেখযোগ্য যে বঙালমৰাৰ সোণাপুৰৰ এটা পৰিয়ালৰ বিৰুদ্ধে থানাত নকল সোণ বেপাৰৰ গোচৰ আছে বুলি ভীতি প্ৰদৰ্শন কৰি আহিছিল হাছিনাই। পৰিয়ালটোক বঙালমৰা আৰু বিহপুৰীয়া থানালৈ লৈ গৈ আৰক্ষীৰ ভয় দেখুৱাই ধন দাবী কৰা হাছিনা আৰু তাইৰ দুই সহযোগীয়ে পৰিয়ালটোৰ পৰা প্ৰথমে ৭০ হাজাৰ টকা আদায় কৰে৷

দুই দালালৰ সৈতে মিলি পুনৰ ২০ হাজাৰ টকা দাবী কৰি ১০ হাজাৰ টকা আদায় কৰিছিল। ইয়াৰ পাছতহে পৰিয়ালটোৱে আৰক্ষীৰ ওচৰলৈ গৈ গম পালে তেওঁলোকৰ বিৰুদ্ধে থানাত কোনো নকল সোণৰ গোচৰ ৰুজু হোৱা নাই।

সম্প্ৰতি আৰক্ষী বিষয়াৰ নামত ধন লোৱা হাছিনা সহ দুই দালাল ক্ৰমে নাচিৰুদ্দিন আৰু ফকৰুদ্দিনৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ দিছে মিনাল উদ্দিন নামৰ ভুক্তভোগীজনে। ধন উভতাই বিচৰা পৰিয়ালটোক হাছিনাই ফোনযোগে পুলিচৰ হতুৱাই উঠাই অনাৰ ভাবুকি দিয়ে। গোচৰ লোৱা আৰক্ষী বিষয়াকো দুদিনৰ ভিতৰত বদলি কৰি দিয়াৰ ভাবুকি দিছিল হাছিনাই।

হাছিনা বেগমৰ কু-কীৰ্তিৰ কল ৰেকৰ্ডিং আৰক্ষীৰ ওচৰত জমা দিলে পৰিয়ালটোৱে। কুখ্যাত হাছিনাক বিচাৰি দুদিন ধৰি অভিযান চলাইছিল আৰক্ষীয়ে। ইয়াৰ পিছতেই শুকুৰবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে হাছিনাক।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ