

নিউজ ডেস্কঃ আকৌ এবাৰ ভাৰতৰ ধনাঢ্য পুজিপতি গৌতম আদানীক লৈ বিস্ফোৰণ ঘটনাইছে আমেৰিকান শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গে। ডেৰ বছৰ পূৰ্বে একেটা কোম্পানীয়েই আদানীৰ কোম্পানীৰ জালিয়াতিক লৈ প্ৰকাশ কৰা এখন বিশদ প্ৰতিবেদনে ধুমুহাৰ সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতত। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ক্ষীপ্ৰগতিত নিম্নগামী হৈছিল আদানী গ্ৰুপৰ শ্বেয়াৰ।
এইবাৰ পুনৰ আন এক অভিযোগ উত্থাপন কৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে। প্ৰকাশিত প্ৰতিবেদনত ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক সংস্থা ছিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতা সম্পৰ্কে প্ৰশ্ন তুলিছে হিণ্ডেনবাৰ্গে।
শনিবাৰে পুৱা হিণ্ডেনবাৰ্গে সংকেত দিছিল যে ভাৰতৰ সম্পৰ্কে হিণ্ডেনবাৰ্গে ডাঙৰ প্ৰতিবেদন প্ৰকাশ কৰিব। ইয়াৰ পিছতে হিণ্ডেনবাৰ্গ ৰিচাৰ্জে প্ৰকাশ কৰে এখন প্ৰতিবেদন।
হিণ্ডেনবাৰ্গৰ অভিযোগ অনুসৰি বৰ্তমানৰ ছেবিৰ অধ্যক্ষ মাধৱী বুচ আৰু তেওঁৰ স্বামীৰ অংশীদাৰিত্ব আছে আদানীৰ অফশ্ব’ৰ কোম্পানীত। কৰৰ পৰা হাত সাৰিবলৈ বহিঃৰাষ্ট্ৰত বিভিন্ন কোম্পানী স্থাপন কৰিছে চক্ৰটোৱে।
হিণ্ডেনবাৰ্গে দাবী কৰিছে যে আদানীৰ এনে অফশ্ব’ৰ কোম্পানীত স্বাৰ্থ নিহিত আছে। যোৱা বছৰৰ জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে কেনেকৈ আদানীয়ে কৰ ফাঁকি দিবৰ বাবে বিদেশত ভুৱা কোম্পানী খুলি ধন সৰবৰাহ কৰিছিল।
হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ছেবিক। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়েও ছেবিক তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল।
শনিবাৰে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছে যে ছেবিৰ অধ্যক্ষ মাধৱী কেৱল তদন্তৰ লগত জড়িতই নহয়, আদানী গোটৰ সৈতেও তেওঁৰ গভীৰ সম্পৰ্ক আছে।
হিণ্ডেনবাৰ্গে আজি কয় যে তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশৰ ১৮ মাহ পাৰ হৈ গ’ল। তথাপিও আচৰিত ধৰণে আদানীৰ অসৎ আচৰণ আৰু মৰিচাছ আৰু বিদেশৰ অন্যান্য চেল কোম্পানীত তেওঁলোকৰ লেনদেনৰ প্ৰতি কোনো তদন্ত হোৱা নাই।
হিণ্ডেনবাৰ্গে দাবী কৰে যে মাধৱী বুচ আৰু তেওঁৰ স্বামীয়ে মৰিচাছ আৰু বাৰ্মুডাৰ ভুৱা বিদেশী কোম্পানীত বিনিয়োগ কৰিছিল যাৰ সৈতে গৌতম আদানীৰ ভাতৃ বিনোদ আদানী প্ৰত্যক্ষভাৱে জড়িত আছিল। এই সকলোবোৰ বিনিয়োগ ২০১৫ চনত কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনত মাধৱী বুচক ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয়। পিছত মাধৱী ২০২২ চনত ছেবিৰ অধ্যক্ষ হয়।
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে মাধৱী বুচ ছেবিৰ সদস্য হোৱাৰ ঠিক আগতেই তেওঁৰ স্বামীয়ে এই বিদেশী কোম্পানীবোৰত পত্নীৰ সকলো বিনিয়োগ নিজৰ নামত কৰিছিল। যাতে মাধৱীৰ কোনো ধৰণৰ তদন্তৰ আওতালৈ নাহে। হিণ্ডেনবাৰ্গৰ দাবী যে এই বিনিয়োগসমূহ বহুস্তৰীয় আৰু জটিলভাৱে কৰা হৈছিল।
কেৱ্ল এয়াই নহয়, ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টত মাধৱীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে হিণ্ডেনবাৰ্গে। কোম্পানীটোৱে ব্লেকষ্টোন নামৰ কোম্পানী এটাৰ সহায় লৈছিল, য’ত তেওঁৰ স্বামী পৰামৰ্শদাতা আছিল।